অসম বিধানসভাত ২৫ মে’ (সোমবাৰে) মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ইউনিফৰ্ম চিভিল কোড (UCC) বিধেয়ক উত্থাপন কৰিছে। কেবিনেটে অনুমোদন দিয়াৰ পিছত চৰকাৰে বিধেয়কখন সদনৰ মজিয়াত দাখিল কৰে। এই বৃহৎ পদক্ষেপৰ জৰিয়তে অসম এতিয়া উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত UCC সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰা তৃতীয়খন বিজেপি শাসিত ৰাজ্য হিচাপে পৰিগণিত হৈছে।
সাংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হৈ বিধানসভাত “অসমৰ বাবে সমান নাগৰিক সংহিতা ২০২৬ বিধেয়ক” উত্থাপন কৰে। এই বিধেয়কৰ মূল উদ্দেশ্য হৈছে বহুবিবাহ নিষিদ্ধ কৰা আৰু সহবাসী সম্পৰ্কৰ বাধ্যতামূলক পঞ্জীয়ন নিশ্চিত কৰা। যদিও বিধেয়কখনত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে অসমত বসবাস কৰা কোনো অনুসূচিত জনজাতিৰ ক্ষেত্ৰত এই আইন প্ৰযোজ্য নহ’ব।
ইফালে, বিৰোধী দলসমূহে অসম বিধানসভাত UCC বিধেয়ক উত্থাপনৰ তীব্ৰ বিৰোধিতা কৰিছে। বিৰোধী বিধায়কসকলে বিধেয়কখন উত্থাপনৰ পূৰ্বে সকলো অংশীদাৰৰ সৈতে বিস্তৃত আলোচনা কৰাৰ দাবী জনায়।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৩ মে’ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে ৰাজ্য চৰকাৰে ২৫ মে’ত বিধানসভাত সমান নাগৰিক সংহিতা বিধেয়ক উত্থাপন কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা আলোচনাত তেওঁ কয় যে অসমত UCC আইন প্ৰৱৰ্তনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ আৰু বিধেয়কখন বিধানসভাত গৃহীত হ’ব বুলি তেওঁ আশাবাদ ব্যক্ত কৰে।
ডিজিটেল ডেস্ক, ২৫ মে’