নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ

পশ্চিমবংগত অবৈধ অনুপ্ৰৱেশ আৰু বিদেশী নাগৰিকৰ বিষয়ত শুভেন্দু অধিকাৰী কঠোৰ স্থিতিত অৱতীৰ্ণ হৈছে। ৰাজ্যৰ হোম এণ্ড হিল এফেয়াৰ্ছ বিভাগৰ ফ’ৰেইনাৰ্ছ শাখাই সকলো জিলা প্ৰশাসনক নিৰ্দেশ দিছে যে অবৈধ বিদেশী আৰু বহিষ্কাৰৰ অপেক্ষাত থকা বিদেশী বন্দীসকলৰ বাবে হ’ল্ডিং চেণ্টাৰ স্থাপন কৰা হওক।

এই নিৰ্দেশত সকলো জিলাৰ ডি এমসকলক কোৱা হৈছে যে ভাৰতত অবৈধভাৱে বসবাস কৰাৰ সন্দেহত ধৰা পৰা অথবা যিসকলৰ বহিষ্কাৰ প্ৰক্ৰিয়া চলি আছে, তেনে লোকক ৰাখিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি সাজু কৰিব লাগে। এই চেণ্টাৰসমূহত লোকসকলক তেতিয়ালৈকে ৰখা হ’ব, যেতিয়ালৈকে তেওঁলোকৰ নাগৰিকত্ব আৰু নথিপত্ৰৰ পৰীক্ষা সম্পূৰ্ণ নহয়।

চৰকাৰী নিৰ্দেশত গৃহ মন্ত্ৰালয়ে যোৱা বছৰত জাৰি কৰা সেই এডভাইজৰীৰ কথাও উল্লেখ কৰা হৈছে, য’ত ভাৰতত অবৈধভাৱে বাস কৰা বাংলাদেশী নাগৰিক আৰু ৰোহিঙ্গাসকলক লৈ দিশ-নিৰ্দেশনা দিয়া হৈছিল। কেন্দ্ৰীয় গাইডলাইন অনুসৰি সন্দেহজনক অবৈধ অনুপ্ৰৱেশকাৰীক ৩০ দিনলৈকে এনে হ’ল্ডিং চেণ্টাৰত ৰখা যাব। এই প্ৰক্ৰিয়াত বায়’মেট্ৰিক তথ্য সংগ্ৰহ, কেন্দ্ৰীয় প’ৰ্টেলত তথ্য আপলোড আৰু পৰিচয় নিশ্চিত হোৱাৰ পিছত সংশ্লিষ্ট লোকসকলক সীমান্ত কৰ্তৃপক্ষৰ হাতত চমজাই দিয়াটো অন্তৰ্ভুক্ত আছে। নাগৰিকত্ব নিৰ্ধাৰণৰ চূড়ান্ত অধিকাৰ জিলা মেজিষ্ট্ৰেট অথবা সমপৰ্যায়ৰ বিষয়াৰ হাতত থাকিব।

ইফালে “ডিটেক্ট, ডিলিট এণ্ড ডিপ’ৰ্ট” নীতিক লৈ আলোচনা তীব্ৰ হৈ উঠিছে। শেহতীয়াকৈ পশ্চিমবংগৰ শুভেন্দু অধিকাৰীয়ে ৰাজহুৱাভাৱে কৈছিল যে তেওঁৰ চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ লগতে কয় যে যিসকল লোকৰ ওপৰত নাগৰিকত্ব সংশোধনী আইন (CAA) প্ৰযোজ্য নহয়, তেওঁলোকক অবৈধ বুলি গণ্য কৰা হ’ব আৰু ৰাজ্য আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি সীমান্ত সুৰক্ষা বাহিনীৰ হাতত চমজাই দিব।

উল্লেখযোগ্য যে পশ্চিমবংগত অনুপ্ৰৱেশৰ বিষয়টো বহুদিন ধৰি ৰাজনৈতিক বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ আছে। বিশেষকৈ সীমান্তৱৰ্তী জিলা আৰু শৰণাৰ্থী অধ্যুষিত অঞ্চলসমূহত এই বিষয়টো নিৰ্বাচনী ইছ্যু হিচাপে উত্থাপিত হৈ আহিছে। নতুন চৰকাৰী নিৰ্দেশৰ পিছত বিষয়টো এতিয়া কেৱল ৰাজনৈতিক ভাষণতেই সীমাবদ্ধ নাথাকি প্ৰশাসনিক ব্যৱস্থাৰ ক্ষেত্ৰতো দ্ৰুতগতিত আগবাঢ়ি যোৱা দেখা গৈছে।

ডিজিটেল ডেস্ক, ২৫ মে’

You might also like