নগাঁও-বটদ্ৰৱা সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা
নগাঁৱৰ পৰা বটদ্ৰৱা অভিমুখে অহা তীব্ৰবেগী ছুইফট ডিজায়াৰে শান্তিজানত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা গৈ খালত সোমায়। দুৰ্ঘটনাত নিহত হয় ইমদাদুল ইছলাম নামৰ এজন যুৱক। ২৬ বছৰীয়া ইমদাদুল ইছলামৰ ঘৰ বটদ্ৰৱাৰ ভোমোৰাগুৰিত।
গুৰুত্বৰভাবে আহত ফৈইজুল ইছলাম (২১), নুৰ আলম (২৮), আছিফ আহমেদ (১৬) আৰু আনচাৰুল হুছেইনক (১৮) বৰ্তমান নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
বটদ্ৰৱা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা AS02 AB 9394 নম্বৰৰ গাড়ীখন উদ্ধাৰ কৰে।
ডিজিটেল ডেস্ক, ২৫ মে’