নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসকৰ পৰা উৎকোচ দাবী : দুর্নীতি নিবাৰকৰ জালত স্বাস্থ্য সঞ্চালকালয়ৰ ইউডিএ

🔹 দৰমহাৰ বিল বনোৱাৰ নামত বিচাৰিছিল ১০ হাজাৰ টকা

বিশেষ বাৰ্তা, ৭ ছেপ্টেম্বৰ : চিকিৎসকৰ পৰা দৰমহাৰ বিল বনাই দিয়াৰ বাবদ উৎকোচ বিচাৰি দুর্নীতি নিবাৰক আৰু তদাৰকী শাখা সঞ্চালকালয়ৰ জালত পৰিল হেঙেৰাবাৰীৰ স্বাস্থ্যসেৱা সঞ্চালকালয়ৰ উচ্চবর্গৰ সহায়ক নৱজ্যোতি ডেকা৷

এগৰাকী চিকিৎসকে চৰকাৰৰ পৰা পাব লগা বকেয়া দৰমহাৰ বিলৰ তথ্য বিচাৰি স্বাস্থ্যসেৱা সঞ্চালকৰ কার্যালয়ৰ উচ্চবর্গৰ সহায়ক নৱজ্যোতি ডেকাৰ কাষ চাপে৷ কিন্তু চিকিৎসকগৰাকীক সহায় কৰাটো দূৰৈৰে কথা, উচ্চবর্গৰ সহায়ক ডেকাই ২০ হাজাৰ টকা উৎকোচ বিচাৰিছিল৷ পৰৱর্তী সময়ত এই পৰিমাণ ১০ হাজাৰ টকালৈকে কমাই দিয়ে ধৃত ডেকাই৷

কালি ১০ হাজাৰ টকাৰ ভিতৰত ৫ হাজাৰ টকা আদায় দিবলৈ চিকিৎসকগৰাকীক আহ্বান জনাইছিল কর্মচাৰীজনে৷ সেইমর্মে এই সন্দর্ভত চিকিৎসকগৰাকীয়ে দুর্নীতি নিবাৰক আৰু তদাৰকী শাখা সঞ্চালকালয়ত এটা গোচৰ দাখিল কৰে৷ উক্ত গোচৰৰ ভিত্তিতে দুর্নীতি নিবাৰকে ঘোচখোৰ কর্মচাৰীজনক হাতে–লোটে কৰায়ত্ত কৰিবলৈ বেহু ৰচনা কৰে৷ সেইমর্মে চিকিৎসকজনে আগধন হিচাপে ৫ হাজাৰ টকা দিয়াৰ সময়তে দুর্নীতি নিবাৰকৰ দলে উচ্চবর্গৰ সহায়ক ডেকাক হাতে–লোটে কৰায়ত্ত কৰে৷

দুর্নীতি নিবাৰকে এই সন্দর্ভত ৪৯/২৫ নম্বৰত এটা গোচৰ ৰুজু কৰি উচ্চবর্গৰ সহায়ক ডেকাক গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like