নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইবাৰ পদুমৰ সুবাসেৰে সুবাসিত হ’ব বিটিচিঃ ড০ শর্মা

ওদালগুৰিত তিনিটাকৈ বিশাল বাইক ৰেলী, টংলাত ৭ কিঃমিঃ পদযাত্রা

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ বিটিচি পৰিষদীয় নির্বাচনলৈ চাৰিটা দিন বাকী থকা অৱস্থাত অধিক আকর্ষণীয় হৈ পৰিছে নির্বাচনী সভাসমূহ৷ বিজেপিৰ হাইপ্রফাইল প্রচাৰত ইতিমধ্যে স্তিমিত হৈ পৰিছে বি পি এফৰ নির্বাচনী প্রচাৰ৷ নির্বাচনী পৰিৱেশ তুংগত উঠাৰ সময়তে আজি ওদালগুৰি জিলাৰ খালিংদুৱাৰ সমষ্টিৰ বিজেপি প্রার্থী অর্জুন দৈমাৰীৰ হৈ বেংবাৰীত এখন বিশাল নির্বাচনী সভাত অংশ ল’লে ৰাজ্য চৰকাৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ নির্বাচনী প্রচাৰ সভাখনত মুখ্যতঃ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীক লক্ষ্য কৰি সৰৱ হৈ পৰে মন্ত্রী ড০ শর্মা৷ তেওঁ কয়– ১৫ ডিচেম্বৰত বিটিচিত বিজেপিৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ নির্বাচনৰ বাবে ঠায়ে ঠায়ে ঘূৰি বিটিচিত কি চলিছিল, সেয়া মই স্পষ্ট ৰূপত দেখা পাইছোঁ৷ বিটিচিত শৌচাগাৰ নির্মাণতো বৃহৎ কেলেংকাৰি হৈছে৷ শৌচাগাৰ নির্মাণ নকৰাকৈ কোটি কোটি টকা আত্মসাৎ হৈছে৷ সেয়াই নহয়, দৰিদ্র ৰাইজে জবকার্ড লাভ কৰা নাই আৰু বিনামূলীয়া চাউলো লাভ কৰা নাই৷ বিটিচিত দ্বিতীয় শ্রেণীৰ নাগৰিকৰ দৰে জীয়াই থাকিবলগীয়া হৈছে ৰাইজ৷ সমমর্যাদাৰ পৰা বহু দূৰত বঞ্চিত এইসকল লোক৷ এই পৰিৱেশৰ পৰিৱর্তন কৰিব লাগিব৷ ৰাজ্যত তিনিখন স্বায়ত্তশাসিত পৰিষদ আছে৷ আজি কার্বি আংলং আৰু ডিমা হাছাও স্বায়ত্ত পৰিষদত থকা হিন্দু, মুছলমান, খ্রীষ্টান আৰু আন ভাষা–ভাষীৰ লোকে সম–ধিকাৰেৰে জীয়াই আছে৷ কিন্তু বিটিচিত এই অধিকাৰৰ পৰা বঞ্চিত হৈছে বহু লোক৷ বিজেপিয়ে পৰিষদ গঠন কৰিলে মাটি কিনা–বেচাৰ ক্ষেত্রত ১৫ দিনৰ পৰা ৩০ দিনৰ ভিতৰতে অনুমতি প্রদান কৰা হ’ব৷ বি পি এফক দুর্নীতিগ্রস্ত দল বুলি অভিহিত কৰি মন্ত্রীগৰাকীয়ে বি পি এফৰ কর্মীয়ে চৰকাৰী গৃহ, বিনামূলীয়া চাউল আদি যোৱা ১৭ বছৰ ধৰি আত্মসাৎ কৰি আছিল বুলি অভিযোগ কৰে৷ তেওঁ কয়– এই দুর্নীতিৰ বিৰুদ্ধে কোনেও মাত মাতিব নোৱাৰে৷ এনে পৰিৱেশৰ পৰা উদ্ধাৰ কৰিবলৈ বি পি এফ দলৰ বিৰুদ্ধে বিজেপিয়ে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ বিটিচিবাসীৰ সমমর্যাদা, সম–ধিকাৰৰ বাবে এইবাৰ বিটিচিৰ ৰাইজে বিজেপিক বিপুল হাৰত ভোট দি জয়যুক্ত কৰিব৷ বিগত ৫ বছৰত ১০ হাজাৰ কোটি টকা খৰচ কৰিও হাগ্রামাই কোনো উন্নয়ন সাধিব নোৱাৰিলে৷ টকা খাই খাই হাগ্রামাৰ পেট এতিয়া হাতীৰ পেটতকৈও ডাঙৰ হ’ল৷ পানেৰীৰ চাহ বাগিচাৰ খেলপথাৰৰ পৰা বিশাল মটৰচাইকেল ৰেলীৰে মন্ত্রীগৰাকীক দলীয় কর্মীসকলে আদৰি আনে৷ মন্ত্রী ড০ শর্মাৰ লগতে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, তেজপুৰ লোকসভাৰ সাংসদ পল্লৱলোচন দাস, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়াকো শ শ লোকে সভাস্থলীলৈ আদৰি আনে৷ ইয়াৰ পূর্বে ওদালগুৰি জিলাত দুটাকৈ পৰিষদীয় সমষ্টিত দুটাকৈ বিশাল বাইক ৰেলী, নির্বাচনী প্রচাৰ সভা আৰু পদযাত্রাত অংশ লয় ‘নেডা’ৰ আহ্বায়ক ড০ শর্মাই৷ ওদালগুৰি জিলাৰ ৩৩নং ননৈ ছেৰফাং পৰিষদীয় সমষ্টিত ৩৭ কিলোমিটাৰ বাইক ৰেলীত অংশগ্রহণৰ লগতে টংলাত বিশাল পদযাত্রাত অংশ লৈ নির্বাচনী চমক দিয়ে৷ দুপৰীয়া ১২ বজাত ওদালগুৰিৰ হৰিশিঙা থানাৰ অন্তর্গত ঘাগ্রা চাহ বাগিচাত হেলিকপ্ঢাৰযোগে অৱতৰণ কৰা মন্ত্রী ড০ শর্মাই ৩৩নং পাঁচনৈ ছেৰফাং সমষ্টিৰ বিজেপি প্রার্থী সঞ্জীৱ তাঁতীক লগত লৈ বিশাল বাইক ৰেলীত অংশ লয়৷ এখন জিপচী গাড়ীৰ আগফালে বহি হাজাৰ হাজাৰ সমর্থকক লগত লৈ মন্ত্রীগৰাকীয়ে প্রথমে ঘাগ্রা বজাৰৰ সমীপৰ কালী মন্দিৰ দর্শন কৰে৷ তাৰ পাছত ঘাগ্রা বজাৰ হৈ হাতীগড় চাহ বাগিচাস্থিত বিজেপি প্রার্থী সঞ্জীৱ তাঁতীৰ ঘৰলৈ গৈ উষ্ম অভিবাদন গ্রহণ কৰি পুনৰ ভোলা–ননৈ হৈ গৰিয়াঝাৰ, ঔৰংগাজুলি চাহ বাগিচা, ননাইখুঁটি, ডিমাকুছি বাগান চ’ক আৰু কচুবিল–পানেৰী হৈ পুনৰ বেংবাৰীলৈ আহি ৩৪নং খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থী অর্জুন দৈমাৰীৰ হৈ নির্বাচনী সভাত অংশ লয়৷ ইয়াৰ পাছতে টংলা চহৰত উপস্থিত হৈ মন্ত্রীগৰাকীয়ে সহস্রাধিক সমর্থকক লগত লৈ সাত কিলোমিটাৰ অতিক্রমি এক বিশাল পদযাত্রাত অংশগ্রহণ কৰে৷ টংলা চহৰৰ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰা পদযাত্রাত সমগ্র টংলা চহৰ পৰিভ্রমণ কৰাৰ লগতে বৰটংলা হাইস্কুল খেলপথাৰত এখন জনসভাত অংশগ্রহণ কৰে৷ এই সভাতে মন্ত্রীগৰাকীয়ে বিটিচি নির্বাচনত কাৰো লগত বিজেপিৰ মিত্রতা নাই বুলি উল্লেখ কৰাৰ লগতে নাঙল মিউজিয়ামত আৰু ট্রেক্টৰ কাৰখানাত যাব বুলি কটাক্ষ কৰে৷ তেওঁ কয়– এতিয়া বিটিচিত পদুম ফুলিব আৰু পদুমৰ সুবাসেৰে বিটিচি অঞ্চল সুবাসিত হ’ব৷ ইফালে বিজেপিৰ পদযাত্রাৰ প্রাক্মুহূর্তত আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ একাংশ সদস্যই প্রতিবাদ কৰে৷
উপেন ব্রহ্মৰ বাসগৃহত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস
১৯৮৬ চনৰ পৰা ১৯৯০ চনলৈ বডোফা উপেন্দ্রনাথ ব্রহ্মই বড়োলেণ্ড আন্দোলনক বলিষ্ঠভাৱে নেতৃত্ব দিছিল৷ বডোফাৰ সান্নিধ্য পোৱা নাই যদিও তেওঁৰ কর্মস্পৃহা, উদ্যম, মানুহক একত্রিতকৰণৰ ক্ষমতাৰ বিষয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত সময়ৰ পৰাই শুনিছিলোঁ৷ –এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷ আজি বডোফাৰ জন্মগাঁও কোকৰাঝাৰ জিলাৰ দোতমা বৰাগাৰীস্থিত বাসগৃহত সভাপতি দাসে পৰিয়ালৰ সদস্যসকলৰ সৈতে অন্তৰংগ আলাপ–আলোচনাৰ পাছত সাংবাদিকৰ আগত কয়– বডোফাৰ ঘৰত গৈ পৰিয়ালৰ সৈতে চা–চিনাকি হোৱাৰ যি ইচ্ছা আছিল, সেয়া আজি পূৰণ হ’ল৷ আজি তেওঁৰ প্রতিচ্ছবিত শ্রদ্ধাঞ্জলি জনাইছোঁ৷ নেতৃত্ব ল’ব পৰা আৰু দিব পৰা যি ক্ষমতা আৰু গুণৰ প্রয়োজন, সেই সকলো বডোফাৰ গাত নিহিত হৈ আছিল৷ তেওঁৰ বাবে বি এ চি, বিটিচি আৰু এতিয়া বি টি আৰ হ’ল৷ তেওঁ নিজে একো নাপালে৷ এই ত্যাগ কেৱল বড়ো জাতিৰ বাবে নহয়, অসমৰ কাৰণেও এই ত্যাগ আজি নিদর্শন হৈ ৰৈছে৷ উল্লেখ্য যে আজি দোতমাত সভাপতি ৰঞ্জিত দাসে দোতমা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্রার্থী বিভূতি বৰগয়াৰীৰ হৈ নির্বাচনী প্রচাৰত অংশ লয়৷ তেওঁৰ সৈতে জনপ্রিয় অভিনেতা তথা বিজেপিৰ সাংস্কৃতিক কোষৰ আহ্বায়ক যতীন বৰাও উপস্থিত থাকে৷
বিধানসভা নির্বাচনত বি পি এফৰ লগত বিজেপিৰ নাথাকিব মিত্রতা
অহংকাৰৰ বাবে দর্পচূর্ণ হ’ব বি পি এফৰ৷ গোসাঁইগাঁৱৰ সত্যপুৰত আয়োজিত এখন নির্বাচনী সভাত বিটিচিৰ ২নং গুমা সমষ্টিৰ বিজেপিৰ মনোনীত প্রার্থী নীলেশ্বৰ ৰায়ৰ হৈ প্রচাৰ চলাই এই মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ ভাষণ প্রসংগত তেওঁ কয়– সমাগত বিটিচি পৰিষদীয় নির্বাচনত সংখ্যাগৰিষ্ঠ দল হিচাপে বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ হাগ্রামা মহিলাৰীৰ শাসনকালত হত্যা, হিংসা, অপহৰণ, গোষ্ঠীসংঘর্ষৰ মাজত ভীতিগ্রস্ত হৈ ৰাইজে দিন অতিবাহিত কৰিবলগীয়া হৈছিল৷ কেন্দ্রত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত বিটিচিলৈ ক্রমান্বয়ে শান্তিৰ বাতাৱৰণ ঘূৰি আহিছে৷ বি পি এফৰ লগত মিত্রতা ভংগ সম্পর্কত তেওঁ কয়– বিজেপি মিত্রদল হোৱা সত্ত্বেও বি পি এফে বিগত কার্যকালত বিজেপিৰ পৰা এজন কার্যবাহী সদস্যৰ বাবে অনুৰোধ অগ্রাহ্য কৰিছিল৷ সেই দিনাৰ পৰাই অপমান সহ্য কৰি বি পি এফক শাসনৰ পৰা উচ্ছেদ কৰাৰ সংকল্প লোৱা হৈছিল৷ বি পি এফৰ শাসনকালত আদিবাসী, কোচ ৰাজবংশী, নেপালী আদি কৰি প্রায়বোৰ জাতি–জনগোষ্ঠীয়ে সর্বদিশতে পিছপৰি আছে৷ বি পি এফে তিনিটাকৈ কার্যকাল শাসন চলোৱাৰ পাছতো সকলো দিশতে উন্নয়নৰ পৰা ২নং গুমা সমষ্টিবাসী ৰাইজ বঞ্চিত হৈ থকা বুলিও তেওঁ কয়৷ দলৰ মনোনীত প্রার্থী নীলেশ্বৰ ৰায়ৰ হৈ চলোৱা প্রচাৰ অভিযানত সভাপতি ৰঞ্জিত দাসক সংগ দিয়ে বিধায়ক অশোক কুমাৰ সিংহী, অভিনেতা যতীন বৰাৰ লগতে কেইবাজনো দলীয় নেতাই৷

You might also like