নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজে দিব ইউডিএফৰে মিত্রতাৰ উত্তৰঃ বিত্তমন্ত্রী

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ এ আই ইউ ডি এফৰে মিত্রতা কৰি বুধবাৰৰ পৰা বিটিচিত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে যৌথ নির্বাচনী প্রচাৰ আৰম্ভ কৰিছে৷ এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই প্রতিক্রিয়া ব্যক্ত কৰি কয়– ৰিপুণ বৰা আৰু বদৰুদ্দিন আজমলে একেলগে নির্বাচনী প্রচাৰত অংশ লৈছে৷ এই মিত্রতাৰ ক্ষেত্রত অসমৰ ৰাইজৰ মতামত কি, অহা ১২ ডিচেম্বৰত বিটিচিৰ নির্বাচনী ফলাফলত প্রকাশ পাব৷ ৰাইজে কি সিদ্ধান্ত দিয়ে, সেয়া ১২ ডিচেম্বৰত সকলোৱে দেখা পাব৷ ইয়াৰ বাবে কেইটামান দিন মাত্র অপেক্ষা কৰাৰ প্রয়োজন৷ যোৱা ছমাহৰ পৰা কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা সম্পর্কত মই মোৰ প্রতিক্রিয়া ব্যক্ত কৰি আহিছোঁ৷ আজি তেওঁলোক ৰাইজৰ মাজলৈ গ’ল৷ অসম উদ্ধাৰৰ বাবেই এই মিত্রতা হৈছে বুলি ৰিপুণ বৰাই কৈছে৷ এতিয়া মাত্র ৰাইজৰ মতামতলৈ অপেক্ষা কৰিলেই হ’ল৷ তেওঁ আৰু কয় যে আজমলৰ দৰে মানুহৰ ওচৰত এই জনমত তেওঁ আত্মসমর্পণ নকৰে৷ ইপিনে বি পি এফৰ লগত বিজেপিৰ মিত্রতাৰ প্রসংগত তেওঁ কয় যে বি পি এফৰ লগত বিজেপিৰ ৫ বছৰৰ বাবেহে মিত্রতা আছিল৷ ২০২১ৰ বিধানসভা নির্বাচনত সেই মিত্রতাৰ ম্যাদ উকলি যাব৷ ২০২১ৰ বিধানসভা নির্বাচনত বিটিচিৰ অধীনস্থ ১২টা বিধানসভা সমষ্টিতে বিজেপিয়ে প্রার্থিত্ব আগবঢ়াব৷ সেইদৰে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বড়ো জাতিৰ স্বার্থ মন্ত্রী ড০ শর্মাই বিঘ্ণিত কৰিব ওলাইছে বুলি কৰা সমালোচনাৰ উত্তৰ দি তেওঁ কয় যে হাগ্রামা আৰু বড়ো জাতিৰ সম্পর্ক কি? হাগ্রামাৰ লগত বড়ো, কোচ, কলিতা, খ্রীষ্টান কোনো নাই৷ হাগ্রামা মহিলাৰী বড়ো সমাজৰ বিৰোধী৷ বড়ো ভাষা ৰাজ্যিক ভাষা হোৱাৰ সময়তো হাগ্রামা মহিলাৰীয়ে আদৰণি জনোৱা নাছিল৷ বড়ো জনগোষ্ঠী অধ্যুষিত গাঁৱত হাগ্রামা মহিলাৰীৰ ভোট নাই৷ এতিয়া হাগ্রামা মহিলাৰী কাৰ প্রতিনিধি, হাগ্রামাই নিজেই নাজানে৷ ইপিনে আসন্ন বিটিচি নির্বাচনত বিটিচিত কংগ্রেছশূন্য হ’ব বুলি মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গোস্বামীয়ে৷ আজি এক বিবৃতিত গোস্বামীয়ে কয় যে অধঃপতনমুখী ভাৰতৰ পুৰণি ৰাজনৈতিক দল কংগ্রেছৰ নিশকতীয়া স্বৰূপ পুনৰ অসমবাসী ৰাইজে প্রত্যক্ষ কৰিলে৷ ২০২১ৰ নির্বাচনৰ কথা বাদেই, আসন্ন বিটিচি নির্বাচনৰ বাবেও কংগ্রেছৰ দৰে ভাৰতৰ পুৰণি ৰাজনৈতিক দলটোৱে বাংলাদেশী মূলৰ দল এ আই ইউ ডি এফৰ লগত মিত্রতা কৰিছে৷

বুধবাৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে একেখন হেলিকপ্টাৰত উঠি নির্বাচনী প্রচাৰ চলাইছে৷ এই সমগ্র পৰিঘটনাৰ পৰা এইটো প্রতিফলিত হয় যে নিশকতীয়া কংগ্রেছৰ আগন্তুক নির্বাচনসমূহৰ বাবে কেৱল এ আই ইউ ডি এফেই একমাত্র সাৰথি আৰু এ আই ইউ ডি এফৰ বোকোচাত উঠি কংগ্রেছে নির্বাচনী বৈতৰণী পাৰ হ’বৰ চেষ্টা কৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই এফালে সংবাদ মাধ্যমৰ আগত কয় এ আই ইউ ডি এফৰ লগত কোনো মিত্রতা নাই আৰু আনফালে একেখন হেলিকপ্ঢাৰত উঠি এ আই ইউ ডি এফৰ মুৰব্বীৰ লগত নির্বাচনী প্রচাৰ চলায়৷ বিবৃতিটোত গোস্বামীয়ে আৰু কয় যে ৰিপুণ বৰাই এই মিত্রতাক গোপনে ৰাখিবৰ চেষ্টা কৰিলেও আজি স্বয়ং এ আই ইউ ডি এফৰ মুৰব্বী আজমলে স্বীকাৰ কৰিলে আগন্তুক বিধানসভা নির্বাচনত কংগ্রেছৰ সৈতে মিত্রতা থকাটো এশ শতাংশ নিশ্চিত৷ কংগ্রেছ জ্ঞাত যে আগন্তুক বিটিচি নির্বাচনত বিজেপিৰ হাতত তেওঁলোকে মুখথেকেচা খাব৷ অস্তিত্বহীন কংগ্রেছে এতিয়া নিজৰ নাক বচাবলৈহে এ আই ইউ ডি এফৰ বোকোচাত উঠি নর্তংকী কৰি আছে৷

You might also like