নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনিশ্চয়তাৰ আৱর্তত বিটিচি নির্বাচনঃ স্থগিতৰ আর্জি চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ পুনৰ অনিশ্চয়তাৰ আৱর্তত সোমাই পৰিছে বিটিচি নির্বাচন৷ অহা ২৭ অক্টোবৰত বিটিচিত ৰাজ্যপালৰ শাসনৰ প্রথম ছমহীয়া কার্যকালৰ অৱসান ঘটিব৷ ৰাজ্যপালৰ শাসনত প্রথম ছমহীয়া কার্যকাল সম্পূর্ণ হোৱাৰ পূর্বেই বিটিচি নির্বাচন অনুষ্ঠিত হোৱাৰ আশাৰে ইতিমধ্যে প্রতিটো ৰাজনৈতিক দলেই বিটিএডিত নির্বাচনী প্রচাৰ সভা, সমাৱেশ আদি অনুষ্ঠিত কৰি আহিছে৷

আসন্ন নির্বাচনৰ জৰিয়তে বিটিচিৰ শাসনভাৰ দখলৰ লক্ষ্যৰে বিপিএফ, ইউপিপিএল, গণ সুৰক্ষা পার্টী, বিজেপি, কংগ্রেছ, এআইইউডিএফ আদি প্রতিটো দল আৰু প্রার্থীয়ে নির্বাচনী প্রচাৰ অভিযান তুংগত তুলিছে৷ আনকি বহু সময়ত এই নির্বাচনী প্রচাৰ অভিযানত ক’ভিড প্রট’কল উলংঘন কৰা পৰিলক্ষিত হৈছে৷ প্রতিটো দল আৰু প্রার্থীয়ে অহা অক্টোবৰ মাহৰ ভিতৰতেই বিটিচি নির্বাচন অনুষ্ঠিত হোৱাৰ লক্ষ্য আগত ৰাখি যোৱা কেইদিনমানৰ পৰা দিন–ৰাতি একাকাৰ কৰি নিজৰ সপক্ষে ঢ়ৌ সৃষ্টিৰ বাবে উঠিপৰি লগা দেখা গৈছে৷

এনে পৰিৱেশ বাহাল থকাৰ সময়তে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে সদ্যহতে বিটিচি নির্বাচন স্থগিত ৰাখি নির্বাচনী আচৰণবিধি প্রত্যাহাৰ কৰিবলৈ অসম ৰাজ্যিক নির্বাচন আয়োগ আৰু ৰাজ্যৰ মুখ্য সচিবক লিখিতভাৱে আর্জি জনাইছে৷ কালি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে ৰাজ্যৰ সাম্প্রতিক ক’ৰোনাজনিত পৰিস্থিতিৰ পৰিপ্রেক্ষিতত যোৱা ১৭ ছেপ্টেম্বৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে ৰাজ্যিক নির্বাচন আয়োগ আৰু মুখ্য সচিবক বিটিচি নির্বাচন স্থগিত ৰাখিবলৈ লিখিতভাৱে জনাইছে৷

নির্বাচন স্থগিত ৰখাৰ লগতে নির্বাচনী আচৰণবিধিও প্রত্যাহাৰ কৰিবলৈ পত্রখনত কোৱা হৈছে৷ ড০ শর্মাই কয় যে নির্বাচন স্থগিত ৰাখি নির্বাচনী আচৰণবিধি প্রত্যাহাৰ কৰিলে কোনেও নির্বাচনী প্রচাৰ চলাবলৈ নাযাব৷ সম্প্রতি ক’ভিড প্রট’কল ভংগ কৰি বিভিন্ন দল তথা প্রার্থীয়ে নির্বাচনী প্রচাৰ চলাই থকা সম্পর্কত মন্ত্রী ড০ শর্মাই কয় যে ইয়াৰ বাবে তেওঁ কোনো ৰাজনৈতিক দলক দোষাৰোপ কৰিব নিবিচাৰে৷

এটা ৰাজনৈতিক দলে নির্বাচনী প্রচাৰ সভা অনুষ্ঠিত কৰিলে আন দলেও কৰিব৷ তাৰ বাবে তেওঁ কোনো দলক দোষাৰোপ নকৰে৷ সাম্প্রতিক পৰিস্থিতিৰ পৰিপ্রেক্ষিতত স্বাস্থ্য বিভাগে এই মুহূর্তত বিটিচি নির্বাচন স্থগিত হোৱাটো বিচাৰিছে৷ ক’ৰোনাই ৰাজ্যখনত ভয়ানক ৰূপ ধাৰণ কৰাৰ সময়ত ভোটগ্রহণ অনুষ্ঠিত হ’লে কেৱল বিটিএডিৰেই নহয়, ৰাজ্যখনৰে ক’ৰোনা পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকা ব্যক্ত কৰি মন্ত্রী ড০ শর্মাই কয় যে বিটিচিৰ চাৰি জিলাৰ উপৰি ওচৰতে থকা নলবাৰী, বৰপেটা, দৰং, শোণিতপুৰ জিলালৈও ভয়াৱহ পৰিস্থিতি আহি পৰিব৷

সম্প্রতি ৰাজ্যখনত অক্সিজেনৰ নাটনিয়ে দেখা দিয়াৰ উপক্রম হৈছে৷ তেনে অৱস্থাত বিটিচি নির্বাচন অনুষ্ঠিত কৰিলে উদ্ভৱ হ’ব পৰা পৰিস্থিতি স্বাস্থ্য বিভাগৰ নিয়ন্ত্রণৰ বাহিৰলৈ যাব বুলি তেওঁ আশংকা কৰে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ এই স্থিতিৰ পৰিপ্রেক্ষিতত অহা ২৭ অক্টোবৰৰ পিছত বিটিচিত ৰাজ্যপালৰ শাসনৰ ম্যাদ পুনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ইপিনে ৰাজ্যৰ স্বাস্থ্য বিভাগে বিটিচি নির্বাচন স্থগিত ৰাখিবলৈ নির্বাচন আয়োগ আৰু মুখ্য সচিবক লিখিতভাৱে জনোৱা কার্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে বিপিএফ আৰু ইউপিপিএল দলে৷

বিপিএফৰ জ্যেষ্ঠ নেতা তথা বিটিচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে স্বাস্থ্য বিভাগৰ এই সিদ্ধান্ত দুর্ভাগ্যজনক৷ বিটিচি নির্বাচন বাৰে বাৰে পিছুৱাই থাকি চৰকাৰে অঞ্চলটোৰ জনসাধাৰণৰ গণতান্ত্রিক আৰু মানৱ অধিকাৰ উলংঘা কৰিছে৷ সেইদৰে ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে কয় যে বিটিচি নির্বাচন অনুষ্ঠিত হ’ব লাগে৷ ক’ৰোনাজনিত পৰিৱেশ নিয়ন্ত্রণলৈ আহিলেই নির্বাচন পাতিব লাগে৷

অৱশ্যে পৰিস্থিতি যদি সঁচাকৈয়ে অনিয়ন্ত্রিত, তেতিয়া হ’লে মানুহৰ জীৱনৰ লগত হেতালি খেলি নির্বাচন অনুষ্ঠিত কৰিব নালাগে৷ পিছে বিহাৰকে ধৰি অন্য ৰাজ্যত যদি নির্বাচন অনুষ্ঠিত হয়, তেতিয়া হ’লে বিটিচিৰো নির্বাচন অনুষ্ঠিত কৰিব লাগে বুলি তেওঁ কয়৷ মন কৰিবলগীয়া যে যোৱা চাৰি এপ্রিলতে বিটিচি নির্বাচন অনুষ্ঠিত হোৱাৰ কথা আছিল৷

এই সম্পর্কত মার্চ মাহৰ প্রথম পষেকতেই ৰাজ্যিক নির্বাচন আয়োগে নির্বাচনী অধিসূচনা জাৰি কৰে৷ সেই নির্বাচনী অধিসূচনা অনুসৰি মনোনয়ন–পত্র দাখিল, পৰীক্ষণ আৰু প্রত্যাহাৰ পর্ব সম্পূর্ণ হয়৷ পিছে সেই সময়তে দেশজুৰি ক’ৰোনা মহামাৰীৰ প্রাদুর্ভাৱ আৰু পৰৱর্তী পর্যায়ত দেশজুৰি লকডাউন ঘোষণাৰ পৰিপ্রেক্ষিতত অনির্দিষ্টকালৰ বাবে বিটিচি নির্বাচন পিছুৱাই দিয়া হয়৷

এই পৰিস্থিতিৰ মাজতেই হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি চৰকাৰৰ কার্যকাল যোৱা ২৭ এপ্রিলত উকলি যায়৷ তাৰ বাবে ২৭ এপ্রিলৰ পৰা ছমাহৰ বাবে বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন হয়৷ অহা ২৭ অক্টোবৰত ৰাজ্যপালৰ শাসনৰ প্রথম ছমাহ সম্পূর্ণ হ’ব৷ বিপিএফক বাদ দি অঞ্চলটোৰ প্রতিটো ৰাজনৈতিক দলেই সেই সময়ত ৰাজ্যপালৰ শাসনক আদৰণি জনায় যদিও পৰৱর্তী পর্যায়ত অধিক দিনলৈ যাতে অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন হৈ নাথাকে, তাৰ প্রতি লক্ষ্য ৰাখি অচিৰেই বিটিচি নির্বাচনৰ পোষকতা কৰে আৰু সেই অনুসৰি যোৱা কিছুদিনৰ পৰা নির্বাচনী প্রচাৰ সভা, যোগদান অনুষ্ঠান আদি কার্যসূচী ৰূপায়ণ কৰিবলৈ আৰম্ভ কৰে৷

কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে এই মুহূর্তত বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰাত স্বাভাৱিকতে অঞ্চলটোত ৰাজ্যপালৰ শাসন আৰু অধিক দিনলৈ বৃদ্ধি হোৱাৰ লগতে বিটিচি নির্বাচন অনুষ্ঠিত হোৱাটো অনিশ্চয়তাৰ আৱর্তত সোমাই পৰে৷

You might also like