নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনলক–৩: কি খোলা থাকিব, খোলা নাথাকিব

  • পূর্বে জাৰি কৰা নির্দেশনাৰ অধীনত সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭ বজা আৰু বিয়লি ৫ বজাৰ ভিতৰত পথৰ একাষে দোকান আদি খোলাৰ অনুমতি৷
  • কামৰূপ মহানগৰ জিলাত পথৰ একাষে অন্য দোকানসমূহৰ দৰে সোমবাৰৰ পৰা শুকুৰবাৰলৈ খুলিব পাৰিব মল আৰু জীমসমূহ৷ অৱশ্যে অন্য জিলাসমূহৰ ক্ষেত্রত পথৰ দুয়ো কাষে খোলা ৰাখিব পাৰিব৷
  • ৰেষ্টুৰেণ্ট আৰু অন্য আতিথ্য সেৱাসমূহক শনিবাৰ আৰু ৰবিবাৰক বাদ দি মুকলি ৰখাৰ অনুমতি৷ কিন্তু এইক্ষেত্রত ক’ভিড প্রট’কল অনুসৰি সামাজিক ব্যৱধান বর্তাই ৰখাটো বাধ্যতামূলক হ’ব৷
  •  ক’ভিড প্রট’কল কঠোৰভাৱে মানি হোটেলসমূহ খুলিব পাৰিব৷
  •  কেৱল সোমবাৰ আৰু মঙলবাৰেহে জনসাধাৰণে আন্তঃজিলা যাতায়াত কৰিব পাৰিব৷ এইক্ষেত্রত পৃথকে কোনোধৰণৰ অনুমতি–নুমোদন বা ই–পার্মিটৰ প্রয়োজন নহ’ব৷
  • বেংক, বীমা কোম্পানীৰ এন বি এফ চি আদিসহ কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ সকলো কার্যালয়ৰ কাম ১০০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে চলাব পাৰিব৷ অৱশ্যে এইক্ষেত্রত গর্ভৱতীসকলক ৰেহাই দিয়া হৈছে৷ কর্মচাৰীসকলৰ বাবে নির্দিষ্ট স্থানে স্থানে বাছ সেৱা উপলব্ধ থাকিব৷
  • মুকলি ঠাইত সামাজিক দূৰত্ব বর্তাই ‘নন–কনটেক্ট’ খেল খেলাৰ অনুমতি৷
  • চিনেমা হল, ছুইমিংপুল, মনোৰঞ্জনমূলক উদ্যান, থিয়েটাৰ, বাৰ, প্রেক্ষাগৃহ, অডিটৰিয়াম হলৰ লগতে অনুৰূপ স্থানত জনসমাগম সম্পূর্ণৰূপে বন্ধ থাকিব৷
  • সামাজিক, ৰাজনৈতিক, ক্রীড়া, মনোৰঞ্জন, শৈক্ষিক, ধর্মীয় অনুষ্ঠানসহ একেধৰণৰ জনসমাগম হোৱা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব৷
  • সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ মানুহৰ ঘূৰা–ফুৰা নিষিদ্ধ কৰা হৈছে৷
  • সমগ্র ৰাজ্যতে শনিবাৰ আৰু ৰবিবাৰে কোনো লোকে ঘূৰা–ফুৰা কৰিব নোৱাৰিব৷
  • ৬৫ বছৰৰ ঊর্ধ্বৰ ব্যক্তি আৰু ১০ বছৰৰ অনূর্ধ্ব শিশুসকলক ঘৰতে থকাৰ পৰামর্শ দিয়া হৈছে৷
  • ৰাজহুৱা, কর্মস্থান, ভ্রমণৰ সময় আদিত ফেচ মাস্ক পৰিধান বাধ্যতামূলক৷ এই নির্দেশনা উলংঘা কৰাসকলৰ ক্ষেত্রত প্রথমবাৰৰ জৰিমনা হ’ব ১০০০ টকা৷
You might also like