অসমত ১৫ আগষ্টলৈ বাহাল থাকিব আন্তঃজিলা যাতায়াত, WEEKEND LOCKDOWN আৰু নৈশ সান্ধ্য আইন
নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ কেন্দ্রীয় চৰকাৰে অহা ১ আগষ্টৰ পৰা সমগ্র দেশত আৰু কিছু শিথিলতাৰে আনলক–৩ আৰম্ভ কৰাৰ ঘোষণা কৰিছে যদিও অসমত অহা ১৫ আগষ্ট পর্যন্ত কিছু বাধ্যবাধকতা থাকিব৷ গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
কেন্দ্ৰীয় চৰকাৰে UNLOCK 3.0ৰ নতুন গাইড লাইন জাৰি কৰিলে যদিও অসমত ১৫ আগষ্টলৈ বাহাল থাকিব বৰ্তমানৰ নিৰ্দেশনা। বন্ধ থাকিব আন্তঃজিলা যাতায়াত, প্ৰতিসপ্তাহৰ শনি আৰু দেওবাৰৰ WEEKEND LOCKDOWN। অব্যাহত থাকিব নৈশ সান্ধ্য আইন।
দোকান পোহাৰ খোলাৰ ক্ষেত্ৰতো থাকিব বৰ্তমানৰ নিয়ম নিৰ্দেশনা । লগতে অহা আগষ্টৰ শেষলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহো । বন্ধ থাকিব সকলো ধৰ্মীয় তথা ৰাজনৈতিক সমাৱেশ ।
মন্ত্রী ড০ শর্মাই কয় যে অহা ১৫ আগষ্টলৈ অসমে সীমিত আনলক–সীমিত লকডাউনৰ মাজত থাকিব লাগিব৷ অহা দুই আগষ্টত পৰিস্থিতিৰ পর্যালোচনা কৰি চৰকাৰে কিছু নতুন পদক্ষেপ গ্রহণ কৰিব যদিও অহা ১৫ আগষ্টলৈ কিছু বাধ্যবাধকতা বাহাল থাকিব৷