নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোনম ৱাংচুকক মুক্তি দিয়াৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

লাডাখত সংঘটিত হিংসাৰ ঘটনাৰ সৈতে জড়িত অভিযোগত গ্ৰেপ্তাৰ হোৱা সমাজকৰ্মী আৰু অভিযন্তা সোনম ৱাংচুকক মুক্তি দিবলৈ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে। চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ (National Security Act (NSA)) অধীনত তেওঁক দিয়া আটকাদেশ তৎক্ষণাত বাতিল কৰিছে।

কেইমাহমান আগতে লাডাখত সংঘটিত হিংসাৰ ঘটনাৰ পিছত সোনম ৱাংচুকক গ্ৰেপ্তাৰ কৰা হৈছিল। চৰকাৰৰ মতে, অঞ্চলটোত শান্তি আৰু স্থিৰতা বজাই ৰখা আৰু সকলো পক্ষৰ সৈতে গঠনমূলক আলোচনা আগবঢ়োৱাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। উপযুক্ত বিবেচনা আৰু আলোচনা কৰাৰ পিছতেই তেওঁৰ আটকৰ আদেশ বাতিল কৰা হৈছে বুলি চৰকাৰে প্ৰকাশ কৰিছে।

২০২৫ চনৰ ২৪ ছেপ্টেম্বৰত লেহত সংঘটিত হিংসাৰ ফলত গম্ভীৰ আইন-শৃংখলা সমস্যা সৃষ্টি হৈছিল। চৰকাৰৰ তথ্য অনুসৰি আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে লেহৰ জিলা দণ্ডাধীশে জাৰি কৰা আদেশ অনুসৰি ২৬ ছেপ্টেম্বৰত NSA আইনৰ অধীনত সোনম ৱাংচুকক আটক কৰা হৈছিল। আটককালৰ প্ৰায় আধা সময় তেওঁ জেলত কটাব লগা হৈছিল।

কেন্দ্ৰীয় চৰকাৰে বৰ্তমান লাডাখৰ বিভিন্ন স্বাৰ্থজড়িত পক্ষ আৰু সমাজৰ নেতাসকলৰ সৈতে আলোচনা চলাই আছে যাতে অঞ্চলটোৰ মানুহৰ উদ্বেগ আৰু সমস্যাসমূহ সমাধান কৰিব পৰা যায়। অৱশ্যে বন্ধ আৰু প্ৰতিবাদৰ ফলত ছাত্ৰ, চাকৰি সন্ধানী, ব্যৱসায়ী, পৰ্যটন উদ্যোগ আৰু পৰ্যটকসকলৰ লগতে অঞ্চলটোৰ অৰ্থনীতিতো যথেষ্ট ক্ষতি হোৱা বুলি চৰকাৰে উল্লেখ কৰিছে।

লাডাখৰ অভিযন্তা, শিক্ষাবিদ আৰু সমাজকৰ্মী সোনম ৱাংচুক বহুদিন ধৰি শিক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ বিষয়ত সক্ৰিয়। তেওঁ লাদাখত শিক্ষা সংস্কাৰ আৰু স্থানীয় পৰিৱেশ সংৰক্ষণৰ বাবে বহু অভিযান আগবঢ়াইছে। আমিৰ খান অভিনীত 3 Idiots ছবিখনত থকা “ফুনসুক ৱাংডু” চৰিত্ৰটো সোনম ৱাংচুকৰ জীৱনৰ পৰা প্ৰেৰণা লৈ সৃষ্টি কৰা হৈছিল।

সাম্প্ৰতিক সময়ত তেওঁ লাডাখৰ সাংবিধানিক সুৰক্ষা, পৰিৱেশ সংৰক্ষণ আৰু স্থানীয় অধিবাসীৰ অধিকাৰৰ দাবীত আন্দোলন আৰু প্ৰতিবাদতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।

ডিজিটেল ডেস্ক, ১৪ মাৰ্চ

You might also like