নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনেৰ ছিৰাম ইনষ্টিটিউটত ভয়াৱহ অগ্ণিকাণ্ডত পাঁচজনৰ মৃত্যু

ক’ভিড ভেকচিন প্রস্তুত কৰা প্রকল্পত অঘটন

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ  বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা ক’ভিড–১৯ ভেকচিন প্রস্তুতকাৰী পুনেৰ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া প্রকল্পত আজি ভয়াৱহ অগ্ণিকাণ্ড সংঘটিত হয়৷ মহাৰাষ্ট্রৰ পুনেৰ মঞ্জৰিস্থিত বিশ্বৰ বৃহত্তম ভেকচিন প্রস্তুতকাৰী এশ একৰ চৌহদত নির্মীয়মাণ অট্টালিকাত সংঘটিত অগ্ণিকাণ্ডত ৫জন লোকৰ কৰুণ মৃত্যু ঘটে৷ তথ্য মতে, অক্সফ’ড বিশ্ববিদ্যালয়–এষ্ট্রা বিকশিত ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ডকে ধৰি কেইবাটাও ভেকচিন প্রস্তুত কৰা ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ এটা নির্মীয়মাণ অট্টালিকাত আজি বিয়লি ২.৪৫ বজাত অগ্ণিকাণ্ডটো সংঘটিত হ’লেও সৌভাগ্যক্রমে ক’ভিড–১৯ ভেকচিন ক’ভিশ্বিল্ড প্রস্তুত কৰা অট্টালিকাটো এই অগ্ণিকাণ্ডৰ পৰা ৰক্ষা পৰে৷ বিৱৰণী মতে, বিয়লি ২.৪৫ বজাত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্রকল্প চৌহদৰ নির্মীয়মাণ অট্টালিকাত জুই লাগে আৰু এই জুই নিমিষতে অট্টালিকাটোৰ বিভিন্ন মহলালৈ সম্প্রসাৰিত হয়৷ অগ্ণিকাণ্ড সংঘটিত হোৱাৰ লগে লগে ১৫খন অগ্ণিনির্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ দুঘণ্টাতকৈ অধিক সময় ধৰি চেষ্টা চলাই জুই নির্বাপণ কৰিবলৈ সক্ষম হয়৷ অগ্ণিকাণ্ডত ৫জনকৈ লোকে কৰুণ মৃত্যুক আঁকোৱালি লোৱাত ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ চি ই অ’ আদৰ পুনাৱালাই গভীৰ শোক প্রকাশ কৰিছে৷ অগ্ণিকাণ্ডত পাঁচজন লোকে কৰুণ মৃত্যুক আকোঁৱালি লোৱাত গভীৰ শোক প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শোকসত্ব্ন্প্ত পৰিয়ালবর্গলৈ টুইটযোগে সমবেদনা জ্ঞাপন কৰিছে৷
কেতিয়া আৰু ক’ত অগ্ণিকাণ্ড
আজি বিয়লি প্রায় ২.৪৫ বজাত মঞ্জৰি অঞ্চলত থকা ছিৰাম ইনষ্টিটিউটৰ চৌহদত নির্মীয়মাণ অট্টালিকা এটাৰ ৫ম আৰু ৪থ মহলাত অগ্ণিকাণ্ডটো সংঘটিত হয়৷ নির্মীয়মাণ এই অট্টালিকাটো টার্মিনেল–১ গেটৰ সমীপত অৱস্থিত আৰু ক’ভিড–১৯ ভেকচিন প্রস্তুতকাৰী অট্টালিকাটোৰ পৰা কিছু নিলগত৷ অগ্ণি নির্বাপণ কৰিবলৈ ১৫খন অগ্ণিনির্বাপক বাহিনীৰ গাড়ীয়ে দুঘণ্টাতকৈ অধিক সময় লয়৷
অগ্ণিকাণ্ডৰ ফলত ক্ষতি
অগ্ণিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোৰ ভিতৰত এক ডজনতকৈ অধিক লোক আছিল৷ ইয়াৰে ৯জনক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৫জন অগ্ণিদগ্ধ হৈ মৃত্যুমুখত পৰে৷ বৈদ্যুতিক কাম–কাজত জড়িত ঠিকাভিত্তিক ৫জন শ্রমিকে প্রাণ হেৰুৱাইছে৷ ইয়াৰে উত্তৰ প্রদেশৰ দুজন, বিহাৰৰ এজন আৰু পুনেৰ দুজন৷ উত্তৰ প্রদেশৰ দুজনক শংকৰ হৰিজন আৰু বিপিন সৰোজ, বিহাৰৰ শ্রমিকজনক সুশীল কুমাৰ পাণ্ডে, পুনেৰ শ্রমিক দুজনক মহেন্দ্র ইংলে আৰু প্রতীক পাস্তে বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷ মুখ্য অগ্ণিনির্বাপক বিষয়া প্রশান্ত ৰাণপিজে প্রকাশ কৰা মতে, অগ্ণিকাণ্ডত আচবাব, ৱেৰিং আৰু কেবিন ক্ষতিগ্রস্ত হৈছে৷ অগ্ণিকাণ্ড সংঘটিত অট্টালিকাটোত কোনো বিশেষ যন্ত্রপাতি নাছিল৷
ক’ভিশ্বিল্ড প্রস্তুতত প্রভাৱ নপৰে
অগ্ণিকাণ্ডৰ ফলত ক’ভিশ্বিল্ড প্রস্তুতৰ ক্ষেত্রত কোনো প্রভাৱ নপৰে বুলি ছিৰাম ইনষ্টিটিউট কর্তৃপক্ষই প্রকাশ কৰিছে৷ চি ই অ’ আদৰ পুনাৱালাই টুইটযোগে কয় যে সকলো চৰকাৰী আৰু ৰাজহুৱা কর্তৃপক্ষক তেওঁ নিশ্চিত কৰি দিয়ে যে ক’ভিশ্বিল্ড প্রস্তুতৰ ক্ষেত্রত কোনো প্রভাৱ নপৰে৷ কিয়নো কেইবাটাও অট্টালিকাত ক’ভিশ্বিল্ড প্রস্তুত কৰি থকা হৈছে আৰু ইয়াক সুৰক্ষিতভাৱে ৰখা হৈছে৷
তদন্তৰ নির্দেশ ৰাজ্য চৰকাৰৰ
ছিৰাম ইনষ্টিটিউটৰ চৌহদত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ লগে লগে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাক্ৰেই চি ই অ’ পুনাৱালাৰ সৈতে টেলিফোনিক বার্তালাপ কৰে৷ আনপিনে উপ–মুখ্যমন্ত্রী অজিত পাৱাৰে অগ্ণিকাণ্ডৰ তদন্তৰ নির্দেশ দিছে৷ উপ–মুখ্যমন্ত্রী পাৱাৰেও অগ্ণিকাণ্ডৰ বাবে ভেকচিন প্রস্তুতত কোনো প্রভাৱ নপৰে বুলি প্রকাশ কৰিছে৷
পৰিস্থিতি নিৰীক্ষণ কৰিব কেন্দ্রই
অগ্ণিকাণ্ডক লৈ সৃষ্টি হোৱা পৰিস্থিতিৰ সূক্ষ্ম নিৰীক্ষণ কৰিছে কেন্দ্রই৷ কেন্দ্রীয় মন্ত্রী প্রকাশ জাভাড়েকাৰে ইতিমধ্যে পুনেৰ চৰকাৰী বিষয়াসকলৰ সৈতে টেলিফোনিক বার্তালাপ কৰি পৰিস্থিতি সন্দর্ভত সহযোগিতা আগবঢ়াবলৈ নির্দেশ দিছে৷

You might also like