নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউপিএছচিত স্থানপ্ৰাপক অংকিতা ফুকনক শুভেচ্ছা তিনিচুকীয়া ‘আছু’ৰ

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : কেন্দ্ৰীয় লোকসেৱা আয়োগে (ইউ পি এছ চি) সংযুক্ত ভূ-বিজ্ঞানী পৰীক্ষা, ২০২৩ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত তিনিচুকীয়াৰ অংকিতা ফুকনে সৰ্বভাৰতীয় পৰ্যায়ত ১৮ সংখ্যক স্থান লাভ কৰি জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াত (জি এছ আই) ভূ-বিজ্ঞানীৰূপে (গ্ৰুপ ’এ’) নিযুক্তি লাভৰ বাবে নিৰ্বাচিত হৈছে। তিনিচুকীয়াৰ বৰদলৈ নগৰ নিবাসী উদ্যোগ আৰু বাণিজ্য বিভাগৰ অৱসৰপ্ৰাপ্ত ফাংচনেল মেনেজাৰ শিশিৰ ফুকন আৰু ৰজিতা শৰ্মা ফুকনৰ জ্যেষ্ঠ কন্যা অংকিতা ফুকনে ১৮ সংখ্যক স্থান লাভ কৰি পিতৃ মাতৃ লগতে তিনিচুকীয়াবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। সেয়েহে আজি তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ এটি দলে অংকিতা ফুকনৰ বাসগৃহত উপস্থিত হৈ আগন্তুক দিনবোৰত তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেওঁলৈ আন্তৰিক অভিনন্দন-শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰেৰক সুৰজ দাস

You might also like