নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নৰ বাৰ্তা লৈ মেৰাপানীত মন্ত্ৰী অজন্তা নেওগৰ বিশাল জনসভা

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ গোলাঘাট সমষ্টিত উন্নয়ন ধাৰা অব‍্যাহত ৰখা মন্ত্ৰী অজন্তা নেওগে আজি উন্নয়নৰ বাৰ্তা লৈ মেৰাপানীত অনুষ্ঠিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰে। মেৰাপানীৰ দৈয়াং চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ চৌহদত অনুষ্ঠিত এখন সভাত গোলাঘাট সমষ্টিৰ ছয় হাজাৰ হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰে মন্ত্ৰী অজন্তা নেওগে। আজি এই জনসভাতেই মন্ত্ৰী অজন্তা নেওগে মেৰাপানী সীমান্তবাসীৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। মেৰাপানীৰ আমগুৰি অঞ্চলত চলিত বৰ্ষৰ পৰাই এখন চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য্য আৰম্ভ হ’ব বুলি সদৰী কৰে মন্ত্ৰী অজন্তাই। তদুপৰি চলিত মাহৰ পৰাই গোলাঘাট মেৰাপানী সংযোগী পথটো অসম মালা আঁচনিৰ অধীনত নিৰ্মাণ কৰাৰ হব বুলি ৰাইজক অৱগত কৰে মন্ত্ৰী গৰাকীয়ে। আজি এই সভাৰ পিছতে মন্ত্ৰীগৰাকীয়ে মেৰাপানীৰ দৈয়াং চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ চৌহদত প্ৰায় পঞ্চাশ লাখ টকা ব‍্যয়ৰে নিৰ্মান কৰা এটা আটকধুনীয়া প্ৰেক্ষাগৃহ উন্মোচন কৰে। উল্লেখ‍্য যে উক্ত সভাত সৰুপথাৰ বিধায়ক বিশ্বজিত ফুকন, গোলাঘাট সদৰ মহকুমাধিপতি, বিভাগীয় উচ্ছপদস্থ বিষয়া, স্থানীয় সচেতন ,সমাজ কৰ্মী তথা শিক্ষাবিদ মহেন বৰুৱা, চিনিয়ৰ চেকেণ্ডৰীৰ অধ‍্যক্ষ বিদুৰ কুমাৰ বৰুৱা, বিজেপিৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক পোনা বৰা আদি কৰি বহু দলীয় নেতা কৰ্মী সহ কেইবাসহস্ৰ লোক উপস্থিত থাকে। অন‍্যহাতে সভাৰ শেষত নৱনিৰ্মিত প্ৰেক্ষাগৃহটোতে এখন নাগৰিক সভাতো অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ অভাৱ অভিযোগ সন্দৰ্ভত ৰাইজৰ সৈতে আলোচনা কৰি পৰ্য্যায়ক্ৰমে সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে, মেৰাপানী অঞ্চলৰ সাংবাদিক সকলৰ সৈতে এক সৌহাৰ্দ্যপূৰ্ণ আলোচনাটো মিলিত হয় মন্ত্ৰী অজন্তা নেওগে।

প্ৰেৰক আলি হুছেইন

You might also like