নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পতঞ্জলিৰ ১৪বিধ পণ্যৰ অনুজ্ঞাপত্র বাতিল উত্তৰাখণ্ড চৰকাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ মে’ : উচ্চতম ন্যায়ালয়ৰ ধাৰাবাহিক ভর্ৎসনাৰ মাজতে পুনৰ মোক্ষম আঘাতৰ সন্মুখীন হ’ল ৰামদেৱৰ পতঞ্জলি৷ এইবাৰ ৰামদেৱৰ সংস্থাৰ ১৪টা পণ্যৰ অনুজ্ঞাপত্র বাতিল কৰিলে উত্তৰাখণ্ড চৰকাৰে৷ ইয়াৰ লগতে ৰামদেৱৰ বিৰুদ্ধে অভিযোগ ৰুজু কৰিবলৈ অনুমতিও দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা৷ পতঞ্জলিৰ বিজ্ঞাপন প্রকাশ কৰিলেই শাস্তিৰ সন্মুখীন হ’ব পাৰে বুলি জনোৱা হৈছে চৰকাৰৰ নির্দেশনাত৷ উল্লেখনীয় যে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে৷ এই শপতনামাত জনোৱা হয় যে যোৱা ১৫ এপ্রিলত পতঞ্জলিৰ ১৪টা পণ্যৰ উৎপাদন বন্ধৰ নির্দেশ দিয়া হৈছিল৷ উল্লেখনীয় যে হৰিদ্বাৰৰ আয়ুর্বেদিক আৰু ইউনানি সংস্থাই ৰামদেৱৰ বিৰুদ্ধে গোচৰো ৰুজু কৰিছে৷

You might also like