নিয়মীয়া বাৰ্তা, টিপলাই, ১৮ এপ্ৰিল : নিষিদ্ধ ড্ৰাগছৰ কবলত পৰি একাংশ যুৱক-যুৱতী পংকিল জীৱন যাপন কৰিব লগা হোৱাত চিন্তিত হৈ পৰিছে সচেতন ৰাইজ। নিষিদ্ধ ড্ৰাগছ সেৱন কৰি নিজৰ লগতে পৰিৱেশো বিনষ্ট কৰা পৰিলক্ষিত হৈছে। ড্ৰাগছৰ প্ৰচলন প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষী প্ৰশাসনে বিভিন্ন সময়ত অভিযান চলাই আহিছে যদিও ইয়াক সমূলঞ্চে নিৰ্মূল কৰিব পৰা নাই । এই ব্যৱসায়ৰে জড়িত থকা বহুসংখ্যক লোকক আৰক্ষীয়ে কাৰায়ত্ত কৰি এই মাৰাত্মক বৰবিহ ড্ৰাগছৰ লগত জড়িত অধিকসংখ্যক লোকৰ তথ্য লাভ কৰিবলৈ সক্ষম হৈছে। বৰবিহস্বৰূপ হেৰোইন, ব্ৰাউন ছুগাৰ, কোকেইনৰ উপৰি নিচাজাতীয় ক’ডেইনযুক্ত কফ ছিৰাপ, শ্লিপিং টেবলেটৰ লগতে বহুকেইবিধ নিচাযুক্ত দৰব সেৱন কৰাৰ উপৰি গাঞ্জাৰ প্ৰচলন দিনকদিনে বৃদ্ধি পাইছে।
গোৱালপাৰা জিলাৰ পূব বিধানসভা সমষ্টিৰ নৱাগত শিমলীতোলা, পদুপাৰা, ধানবড়ী, দুধনৈ বিধানসভা সমষ্টিৰ টিপলাই, ধূপধৰা, দক্ষিণ বৰপেটাৰ চৰাঞ্চলত বহু অঞ্চলত এতিয়া সহজলভ্য হৈ পৰিছে নিষিদ্ধ ড্ৰাগছৰ লগতে নিচাজাতীয় ক’ডেইনযুক্ত কফ ছিৰাপ, শ্লিপিং টেবলেট, নিচাযুক্ত দৰব, গাঞ্জা ইত্যাদি। সম্প্ৰতি বৃহত্তৰ অঞ্চলসমূহৰ প্ৰায়সংখ্যক পৰিয়ালৰ ঘৰতে গাঞ্জাৰ খেতি কৰাৰ লগতে একাংশ স্বয়ম্ভু ডাক্তৰৰ ঔষধালয়ত সহজলভ্য বিভিন্ন নিচাজাতীয় ক’ডেইনযুক্ত কফ ছিৰাপ, শ্লিপিং টেবলেট, নিচাযুক্ত দৰব।
প্ৰাপ্ত তথ্য মতে, যুৱপ্ৰজন্মৰ মাজত এই নিচাজাতীয় সামগ্ৰীৰ প্ৰচলন অধিক। যাৰ পৰিপ্ৰেক্ষিতত জিলা আৰক্ষীৰ তৎপৰতাত জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনাই নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰীক হাতে-লোটে আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী। সাম্প্ৰতিক সময়ত অধিক লাভৰ আশাত গ্ৰামাঞ্চলৰ বহু ঔষধালয়ত নিচাজাতীয় কফ ছিৰাপ, শ্লিপিং টেবলেট, নিচাযুক্ত দৰব ডাক্তৰৰ নিদান পত্ৰ নোহোৱাকৈ প্ৰদান কৰা হয়। এইসমূহ নিচাযুক্ত সামগ্ৰী একাংশ লোকে নিচাৰ বাবে সেৱন কৰি আহিছে। বিশেষকৈ নতুন প্ৰজন্মৰ যুৱক-যুৱতী এই নিচাযুক্ত সামগ্ৰীৰ প্ৰতি আকৃষ্ট হৈ নিজৰ জীৱন পংকিল কৰি তুলিছে। আনকি এইসমূহ নিচাযুক্ত সামগ্ৰী সেৱন কৰি বহুসংখ্যক যুৱক-যুৱতীৰ লগতে বহুসংখ্যক লোকে নিজকে ৰুগীয়া কৰাৰ লগতে একাংশই মৃত্যুকো সাবটি ল’বলগীয়া হৈছে। সেয়েহে সময় থাকোঁতে এই বৰবিহস্বৰূপ সামগ্ৰীসমূহৰ প্ৰচলন বন্ধ কৰিব নোৱাৰিলে অদূৰ ভবিষ্যতে উঠি অহা প্ৰজন্ম সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।