নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লালুকত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী, জে’ললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, লালুক, ১৮ এপ্ৰিল : লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ দৰে মাৰাত্মক ৰাগিয়াল দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই গৈছে একাংশ অসাধু লোকে৷ এনে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে লখিমপুৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই গৈছে আৰু বহু ড্ৰাগছ সৰবৰাহকাৰীক ৰঙাঘৰলৈ নিক্ষেপ কৰিছে৷ তথাপি ড্ৰাগছ ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ ব্যৱসায় চলাই যাবলৈ মৰসাহ কৰা কাৰ্যই সচেতন মহলৰ চকু কপালত তুলিছে৷

শুকুৰবাৰে সন্ধিয়া পুনৰ এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী লালুক আৰক্ষীৰ জালত পৰিছে ৷ লালুক আৰক্ষীয়ে নিয়মীয়াভাৱে চলোৱা তালাচীৰ সময়ত আৰক্ষীৰ জালত পৰে ড্ৰাগছসহ ব্যৱসায়ীটো৷ লালুক থানাৰ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, শুকুৰবাৰে সন্ধিয়া লালুক থানাৰ সন্মুখত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে তালাচী চলাই থকা সময়ত এখন বাহনত অহা এজন যুৱকৰ পৰা প্ৰায় ২৬ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে৷ দুটা চাবোনৰ বাকচত ড্ৰাগছ সৰবৰাহকাৰী বঙালমৰা আৰক্ষী চকীৰ অন্তৰ্গত ২নং আহমেদপুৰৰ আব্দুল খালেকৰ পুত্ৰ ৰছিদুল হকে ড্ৰাগছখিনি লৈ আহি থকা অৱস্থাত লালুক আৰক্ষীৰ জালত পৰে৷ লালুক আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক লখিমপুৰ জে’ল-হাজোতলৈ প্ৰেৰণ কৰে৷

You might also like