নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণচুড়া-সোণাৰু-এজাৰৰে জাতিষ্কাৰ নগাঁও

কনক হাজৰিকা, নগাঁও, ১৩ মেঃ মানুহৰ মাজত আশাৰ সঞ্চাৰ কৰি প্ৰকৃতিয়ে ৰচিছে সপোন ৷ এতিয়া নগাঁও জিলাৰ নিৰ্মল আকাশত খেয়ালি প্ৰকৃতিয়ে ফুলৰ সমাহাৰেৰে সৃষ্টি কৰিছে এক বিনন্দীয়া পৰিবেশৰ৷ নগাঁৱৰ নিৰ্মল আকাশত প্ৰকৃতি এতিয়া ফুল বছাত ব্যস্ত৷ নগাঁও জিলাৰ সেউজ প্ৰকৃতি এতিয়া নানা ফুলৰে জাতিষ্কাৰ৷ নগাঁৱৰ আকাশত নীৰৱে সাজি কাচি ওলাইছে প্ৰকৃতি৷ চৌদিশ চৌপাশে বহিছে নানাৰঙী ফুলৰ মেলা৷ বসন্তকালত গছ-বিৰিখে কুঁহিপাত মেলাৰ পাছত এতিয়া গ্ৰীস্মকালৰ আগমনৰ লগে লগে প্ৰকৃতিয়ে এক বিনন্দীয়া ৰূপ ধাৰণ কৰিছে ৷ চৌপাশৰ গছ-বিৰিখ এতিয়া চঞ্চলা হৈ পৰিছে ৷ সোনাৰু, ৰাধাচূড়া, কৃষ্ণচুড়া, এজাৰ, স্থলপদ্মৰ পাহিয়ে ৰঙীন কৰি তুলিছে ধৰাক৷ প্ৰকৃতিৰ এই বিনন্দীয়া পৰিবেশে ক্ষনিকৰ বাবে হলেও শান্তিময় কৰি তুলিছে মানুহৰ মনবোৰক৷ সকলোৰে অগোচৰে ৰং সলনি কৰিছে খেয়ালি প্ৰকৃতিয়ে৷ প্ৰাণ পাই উঠিছে ফুলৰ চঞ্চলতা৷ আকাশ ভৰি ফুলা সোনাৰু, ৰাধাচূড়া ,এজাৰ, কৃষ্ণচুড়া ফুলৰ বিনন্দীয়া পৰিবেশে প্ৰকৃতি প্ৰেমীৰ মন-প্ৰাণ পুলকিত কৰি তুলিছে। এতিয়া গ্ৰীষ্ম, বৰ্ষা ঋতুয়ে ধৰনিলৈ কঢ়িয়াই আনিছে অলেখ প্ৰত্যয় আৰু প্ৰতিশ্ৰুতি৷ মাজে-মাজে গাজনি-বিজুলী, ধুমুহা, বৰষুণ অহাৰ সমান্তৰালভাৱে ৰ’দেও ভুমুকি মাৰিছে ৷ নগাঁৱৰ ৰাথপথ এতিয়া ফুলৰে জাতিস্কাৰ হৈ পৰিছে ৷ প্ৰতিকূল পৰিবেশৰ মাজতে মানৱ জীৱনলৈ প্ৰকৃতিৰ মায়াময় পৰিবেশে ক্ষনিকৰ বাৱেও হলেওঁ আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ এজাৰ সোনাৰু,কৃষ্ণচুড়া,ৰাধাচুড়া আদি ফুলৰ ৰঙীন পৰিবেশে বিধৌত কৰি তুলিছে মানুহৰ মন ৷
You might also like