নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুগল ট্রেন্সলেটৰত অসমীয়া

নিয়মীয়া বাৰ্তা, ১৩ মেঃ বিশ্ব দৰবাৰত অসমীয়াক স্বকীয় ভাষা ৰূপে প্রতিষ্ঠাৰ প্রয়াসে এক নতুন মাত্রা লাভ কৰিলে৷ কৃত্রিম বুদ্ধিমত্তাৰে সমৃদ্ধ বিশ্বৰ বৃহত্তম ছার্চ ইঞ্জিন গুগলৰ ভাষা অনুবাদৰ শাখা ‘গুগল ট্রেন্সলেট’ত অন্তর্ভুক্ত হ’ল অসমীয়া৷ একবিংশ শতিকাৰ আধুনিক বিজ্ঞান–প্রযুক্তিবিদ্য্ যুগত বিশ্বখনক হাতৰ মুঠিত ধৰি ৰাখিব পৰা তথ্যৰ ভাণ্ডাৰ গুগলে অসমীয়া ভাষাক দিয়া এই স্বীকৃতি সমগ্র ৰাজ্যবাসীৰ বাবে সুখবৰ ৰূপে পৰিগণিত হৈছে৷ একে সময়তে গুগলৰ এনে অভিনৱ সংযোজনে আহ্লাদিত কৰি তুলিছে কর্মৰ তাগিদাত বিশ্বৰ চুকে–কোণে বাস কৰা প্রতিজন অসমীয়াক৷ কিয়নো ইয়াৰ লগে লগে আইৰ মুখৰ ভাষাটোৱে আন্তর্জাতিক স্বীকৃতি লাভৰ এক দীর্ঘদিনীয়া প্রত্যাশা পূৰণ হ’ল প্রতিজন অসমীয়াৰ৷

‘গুগল ট্রেন্সলেটৰ’ত অসমীয়াসহ একে সময়তে পৃথিৱীৰ ভিন্ন প্রান্তৰ মুঠ ২৪টা ভাষা অন্তর্ভুক্ত হৈছে৷ য’ত আছে ভাৰতৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ ৮টা ভাষা৷ গুগলৰ দ্বাৰা স্বকীয় ৰূপে স্বীকৃত এই ৮ ভাৰতীয় ভাষা হ’ল– অসমীয়া, সংস্কৃত, ভোজপুৰী, ডোগ্রী, মিজো, কুনকানি, মৈথিলী আৰু মেইটেইলন (মণিপুৰী)৷ ‘গুগল ট্রেন্সলেটৰ’ত এনে সংযোজনৰ লগে লগে অসমীয়াত ৰচিত গ্রন্থ–ৰচনা সম্ভাৰ আদি পৃথিৱীৰ যিকোনো ভাষা কোৱা লোকে পঢ়াটো তথা ইয়াৰ প্রচাৰ–প্রসাৰ সহজসাধ্য হৈ পৰিব৷ এক কথাত ক’বলৈ গ’লে এতিয়াৰে পৰা বিশ্বৰ চুকে–কোণে বিয়পি পৰিব অসমীয়া ভাষা–সাহিত্য–সংস্কৃত৷

গুগল কর্তৃপক্ষই সদৰী কৰা অনুসৰি ৩০০ নিযুততকৈও অধিক লোকে কথা পাতে শেহতীয়াকৈ ‘গুগল ট্রেন্সলেটৰ’ত অন্তর্ভুক্ত হোৱা ২৪টা ভাষাত৷ ইয়াৰে উত্তৰ–পূব ভাৰতত প্রচলিত প্রায় ২৫ নিযুত লোকে অসমীয়া ভাষা ব্যৱহাৰ কৰে৷ সেইদৰে ভাৰত, নেপাল আৰু ফিজিত প্রচলিত ভোজপুৰী প্রায় ৫০ নিযুত, উত্তৰ ভাৰতৰ ডোগ্রী ভাষাত প্রায় ৩ নিযুত, মধ্য ভাৰতত প্রচলিত কুনকানিত প্রায় ২ নিযুত, উত্তৰ ভাৰতত প্রচলিত মৈথিলীত প্রায় ৩৪ নিযুত, ভাৰতত প্রচলিত সংস্কৃতত প্রায় ২০ হাজাৰ, উত্তৰ–পূর্বাঞ্চলত প্রচলিত মিজোত প্রায় ৮.৩০ লাখ আৰু মেইটেইলন (মণিপুৰী) ভাষা ২ নিযুত লোকে ব্যৱহাৰ কৰে৷

‘গুগল ট্রেন্সলেটৰ’ত অন্তর্ভুক্ত হোৱা আন ভাষাসমূহ হ’ল– বলিভিয়া, চিলি–পেৰুত ব্যৱহূত আইমাৰা, মালিত ব্যৱহূত বাম্বাৰা, মালদ্বীপত ব্যৱহূত ধিভেহি, ঘানা–টগ’ত ব্যৱহূত এৱে, পাৰাগুৱে–বলিভিয়া–আ ব্যৱহূত গুৱাৰাণী, ফিলিপাইনছত ব্যৱহূত হোকানো, ছিৰিয়া–লিয়নিত ব্যৱহূত ক্রি’, ইৰাকত ব্যৱহূত কুর্দিছ, কংগো–এংগোলা–দক্ষিণ্ ছুডানত ব্যৱহূত লিংগালা, উগাণ্ডা–ৰাৱাণ্ডাত ব্যৱহূত লুগাণ্ডা, ইউথোপিয়া–কেনিয়াত ব্যৱহূত অৰ’ম’, পেৰু–বলিভিয়া–একুৱাড্ ব্যৱহূত কুৱেচুৱা, দক্ষিণ আফ্রিকাত ব্যৱহূত স্পেৰী, এৰিত্রিয়া–ইথিওপিয়াত ব্যৱহূত টিগ্রিন্যা, এছৱাটিনি–মোজাম্বিক আফ্রিকা–জিম্বাৱ’ৱেত ব্যৱহূত টছ’ংগা আৰু ঘানাত ব্যৱহূত টিৱি৷

মন কৰিবলগীয়া যে একাংশ ভাষা–সাহিত্যানুৰাগীয়ে দীর্ঘদিন ধৰি অসমীয়াক ‘গুগল ট্রেন্সলেটৰ’ত অন্তর্ভুক্ত কৰাৰ বাবে প্রচেষ্টা অব্যাহত ৰাখিছিল৷ কিন্তু গুগলত অসমীয়া শব্দৰ সংখ্যা কম হোৱাৰ বাবে কাৰিকৰীভাৱে সম্ভৱ হোৱা নাছিল এয়া৷ অৱশেষত দীর্ঘদিনৰ অপেক্ষাৰ অন্ত পেলাই গুগল কর্তৃপক্ষই অসমীয়াক ‘গুগল ট্রেন্সলেটৰ’ত সংযোজিত কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে৷

এই ঘোষণাত আনন্দিত হৈ পৰিছে সমগ্র বিষয়টোক সংগঠিত ৰূপ দিয়াৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰা অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়াই৷ সংবাদ মাধ্যমৰ আগত নিজ প্রতিক্রিয়া প্রকাশ কৰি সাহিত্য সভাৰ সভাপতি ড০ শইকীয়াই কয় যে অসমীয়া ভাষাক এনে স্বীকৃতিৰ খবৰ লাভ কৰি মোৰ নিজৰতো ভাল লগিছেই, লগতে অসমীয়া ভাষা আৰু অসমৰ মানুহখিনিৰ বাবে এয়া এটা অতি সুখৰ খবৰ৷ সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত মই মোৰ নিজ ভাষণতে এই কথাটো উল্লেখ কৰিছিলোঁ– গুগল ট্রেন্সলেটৰ বা উইকিপিডিয়া আদিত অসমীয়া ভাষা ভাল ধৰণে আহিব লাগিব৷ সবল হ’ব লাগিব আমাৰ স্থিতি৷ যিয়েই নহওক, ২০২০ চনত লকডাউনৰ সময়ত মই ‘গুগল ট্রেন্সলেটৰ’ত অসমীয়া শব্দবোৰ সুমুৱাবলৈ অসমৰ মানুহক আহ্বান জনাইছিলোঁ৷ তাৰ পাছত গোটেই বিশ্বৰ প্রায় ৯৫গৰাকী প্রবাসী অসমীয়াৰ লগতো কথা পাতিছিলোঁ তিনি ঘণ্টা সময়৷ সেইদৰে ২০০মান নতুন প্রজন্মৰ যুৱক–যুৱতীৰ লগতো কথা পাতিলোঁ৷ তদুপৰি বিভিন্ন সভা–সমিতিতো বিষয়টোত গুৰুত্ব দিছিলোঁ৷ ‘গুগল ট্রেন্সলেটৰ’ত অসমীয়া ভাষাটো আহিলে যিকোনো ভাষী লোকেই অসমীয়া ভাষা ট্রেন্সলেট কৰি তেওঁলোকে নিজৰ ভাষাত চাব পাৰিব৷ বৰ সুখৰ খবৰ– কালি নিশা গুগল কর্তৃপক্ষই বিশ্বৰ ২৪টা ভাষাৰ অন্তর্ভুক্তিৰ কথা ঘোষণা কৰিছে৷ তাত অসমীয়া ভাষাটো সংযোজন হোৱাৰ কাৰণে অতি সুখ পাইছোঁ৷ নতুন প্রজন্মৰ বহুতে এইক্ষেত্রত কাম কৰি অহাৰ কথাও তেওঁ উল্লেখ কৰে৷

এই সন্দর্ভত সাহিত্য সভাৰ সভাপতি ড০ শইকীয়াই পুনৰ কয় যে নতুন প্রজন্মৰ ল’ৰা–ছোৱালী কিছুমানে এই কামটোত আগৰে পৰা জড়িত হৈ আছিল যদিও তেওঁলোকে অকলশৰীয়াকৈ কামবোৰ কৰি থকা কাৰণে আমাৰ শব্দ ভাণ্ডাৰটো কম হৈ আছিল৷ পাছত আমি চাৰিওফালে এটা আন্দোলনৰ দৰে পৰিৱেশ সৃষ্টি কৰিলোঁ৷ এই গোটেই প্রয়াসটোৱে মোক ব্যক্তিগতভাৱে শক্তি দিছে– আমি একেলগে কাম কৰি যোৱাৰ প্রৱণতা আছে৷ ইণ্টাৰনেটক বাদ দি কোনো ভাষা–সংস্কৃতি এতিয়া জীয়াই থাকিব নোৱাৰে৷ অসম সাহিত্য সভায়ো নতুন প্রযুক্তিৰ সৈতে জড়িত হ’ব লাগিব৷ তেওঁ জানিবলৈ দিয়া মতে, ২০২১ চনত ‘গুগল ট্রেন্সলেটৰ’ত অসমীয়া ভাষাৰ বিটা ভার্চনটো উপলব্ধ হৈছিল৷ ‘গুগল ট্রেন্সলেটৰ’ত সংযোজনৰ লগে লগে অসমীয়া ভাষা–লিপি ইউনিক’ডত অন্তর্ভুক্তিৰ বাট প্রশস্ত হ’ল বুলি বিভিন্নজন ভাষা–সাহিত্যানুৰাগীয়ে মন্তব্য কৰিছে৷

You might also like