নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেলাঘৰ–মেজি নির্মাণৰ অঘোষিত প্রতিযোগিতা

মূল্যবৃদ্ধিৰ জুই–ক’ভিড প্রট’কলৰ মাজতে চলিছে ভোগালীক আদৰাৰ প্রস্তুতি

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ দুটা দিন৷ ভোগৰ উৎসৱ ভোগালী বুলি ক’লেই সাতখন আঠখন হৈ উঠে অসমীয়াৰ গা৷ আঘোণৰ পথাৰত সোণোৱালী হৈ পৰা সোণগুটি চপাই ভঁৰালত ভৰোৱাৰ পিছত হাঁহে–মাহে এসাঁজ খাবলৈ হেঁপাহৰ ভোগালী বিহুলৈ অধীৰ অপেক্ষা কৰি ৰয় প্রতিজন অসমীয়াই৷ এইবাৰো ভোগালীক অদৰিবলৈ ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক প্রস্তুতি৷ ক’ভিড মহামাৰীৰ জটিল সময়ৰ মাজেৰে ৰাজ্যবাসীয়ে দিন পাৰ কৰিবলগীয়া হৈছে যদিও তাৰ মাজতেই ভোগালীৰ আয়োজনত ব্যস্ত হৈ পৰিছে প্রতিগৰাকী গৃহিণী৷ পথাৰত ভেলাঘৰ আৰু মেজি সজাৰ অঘোষিত প্রতিযোগিতা আৰম্ভ হোৱাৰ সময়তে আখলত ব্যস্ত হৈ পৰিছে জীয়ৰী–বোৱাৰী৷ সমাজৰ পৰা অসূয়া–প্রীতি দূৰ কৰি শান্তি–সম্প্রীতিৰ কামনাৰে উৰুকাৰ নিশা ভেলাঘৰ আৰু মাঘ বিহুৰ পুৱা মেজি জ্বলাই অগ্ণিক সেৱা জনাব প্রতিজন অসমীয়াই৷ ইপিনে, বিহুৰ দিনা অতিথিক আপ্যায়নৰ বাবে চিৰা–দৈৰ পৰা আৰম্ভ কৰি পিঠাপনা–লাড়ুলৈকে প্রস্তুত কৰাত ব্যস্ত হৈ পৰিছে গৃহিণীসকল৷ লক্ষণীয় যে সময়ৰ পৰিৱর্তনৰ লগে লগে ৰাজ্যত সাজি উলিওৱা ভেলাঘৰৰ আকৃতিও সলনি হোৱা পৰিলক্ষিত হৈছে৷ বিভিন্ন আর্হিত আকর্ষণীয়ভাৱে ভেলাঘৰ নির্মাণৰ যেন এক প্রতিযোগিতা চলে মাঘ বিহুৰ সময়ত৷ এইবাৰো পথাৰে পথাৰে দেখা গৈছে ভিন্ন আকৃতিৰ ভেলাঘৰ৷

কোনোবাই যদি ডুবাইৰ বুর্জ খালিফাৰ আর্হিত নির্মাণ কৰিছে ভেলাঘৰ, আন কোনোবাই আকৌ বাঁহ–কাঠ–নৰাৰে সাজি উলিয়াইছে ৰংঘৰ–কাৰেংঘৰ৷ মুঠতে আঘোণৰ পথাৰৰ পৰা সোণগুটি চপোৱাৰ পিছত আজৰি হৈ পৰা গাঁৱৰ প্রতিজন ডেকা–আদহীয়াই নামি পৰিছে ভেলাঘৰ নির্মাণৰ কামত৷ এদিন পিছতে উৰুকা৷ সেয়েহে উৰুকাৰ নিশা ওচৰ–চুবুৰীয়াৰ সৈতে মিলি ভেলাঘৰতেই সকলোৱে গ্রহণ কৰিব এসাঁজ৷ মাছে–মঙহে, শাকে–পাতে বৰভোজ খাবলৈ ইতিমধ্যে আৰম্ভ কৰিছে প্রস্তুতি৷ অৱশ্যে বিগত বর্ষসমূহৰ তুলনাত এইবাৰ কিছু যেন সেমেকা হৈ পৰিছে ভোগালীৰ আনন্দ৷ এফালে বজাৰত মূল্যবৃদ্ধিৰ জুই, আনফালে ক’ভিডৰ কঠোৰ নীতি–নিয়মে প্রভাৱান্বিত কৰিছে আনন্দতো৷ ক’ভিডৰ দ্রুত সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে ৰাজ্য চৰকাৰে নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন জাৰি কৰিছে৷ সমান্তৰালভাৱে সভা–সমিতি তথা উৎসৱ–পার্বণ আদিত সমৱেত হোৱা লোকৰ সংখ্যাও নির্ধাৰণ কৰি দিছে চৰকাৰে৷

অৱশ্যে উৰুকাৰ নিশা কিছু পৰিমাণে এই সান্ধ্য আইন শিথিল কৰা হ’ব বুলি আজি ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সেই অনুসৰি উৰুকাৰ নিশা অর্থাৎ বৃহস্পতিবাৰে ১০ বজাৰ পৰিৱর্তে ১১ বজাৰ পৰাহে আৰম্ভ হ’ব সান্ধ্য আইন৷ একেদৰে পুৱাৰ ভাগতো উৰুকাৰ বজাৰৰ বাবে বহু লোক ওলাই অহাৰ পৰিপ্রেক্ষিতত সান্ধ্য আইনৰ সময় বৃহস্পতিবাৰে পুৱা ৪ বজাতেই অন্ত পৰিব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে জানিবলৈ দিছে৷ যাৰ বাবে উৰুকাৰ দিনা ৰাইজ ওলাই অহাৰ ক্ষেত্রত কিছু পৰিমাণে হ’লেও সকাহ লাভ কৰিব বুলি আশা কৰা হৈছে৷ আনহাতে বিগত সময়ছোৱাত ৰাজ্যত ইন্ধনজাত সামগ্রীৰ পৰা আৰম্ভ কৰি খাদ্য সামগ্রীলৈকে, সকলো ক্ষেত্রতে পৰিলক্ষিত হৈছে মূল্যবৃদ্ধিৰ জুই৷ দাইল, চাউল, আলু, পিঁয়াজ, মাছ–মাংসলৈকে সকলোতে অত্যধিক মূল্যবৃদ্ধিয়েও ৰাজ্যবাসীক কোঙা কৰি তুলিছে৷ একে সময়তে ক’ভিড পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা নিবনুৱা সমস্যাকে ধৰি আন বিভিন্ন সমস্যায়ো আৱৰি ধৰিছে ৰাজ্যবাসীক৷ ইয়াৰ মাজতে অসমীয়া জাতিৰ আয়ুসৰেখা বাপতিসাহোন ভোগালীক আদৰিবলৈ ৰাজ্যবাসীয়ে আৰম্ভ কৰিছে প্রস্তুতি৷ ৰাজ্যৰ ভিন্ন প্রান্তৰ লগতে মহানগৰীতো দেখা গৈছে ভোগালীক আদৰাৰ ব্যাপক প্রস্তুতি৷ মহানগৰীৰ দীঘলীপখুৰীপাৰ, লক্ষীধৰ বৰা ক্ষেত্রকে ধৰি কেইবাটাও স্থানত অনুষ্ঠিত হৈছে ভোগালী মেলা৷

You might also like