নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রেনজিট পাছ নোহোৱাকৈ প্রতিদিনে গুৱাহাটীৰ মাজেৰে সৰবৰাহ পাইন কাঠ

ৰাজ্যত সক্রিয় কাঠৰ ছিণ্ডিকেট

নিয়মীয়া বাৰ্তা ১২ জানুৱাৰীঃ ছিণ্ডিকেট চক্রৰ বিৰুদ্ধে ৰাজ্য চৰকাৰখনে গ্রহণ কৰা কঠোৰ স্থিতিৰ পাছতো গা লৰা নাই একাংশ চোৰাং কাঠৰ ব্যৱসায়ীৰ৷ যোৱা সময়ছোৱাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ছিণ্ডিকেটকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলোৱাৰ পাছতে ৰাজ্যত চোৰাং কাৰবাৰী তথা ছিণ্ডিকেটকাৰীৰ দৌৰাত্ম্য বন্ধ হৈছিল যদিও পৰিস্থিতিৰ সুযোগ লৈ পুনৰ আৰম্ভ হৈছে কাঠৰ অবৈধ বেহা৷ বন বিভাগৰ বিষয়াৰ সহযোগতেই পুনৰ সক্রিয় হৈ পৰিছে এই কাঠৰ ছিণ্ডিকেট৷ উল্লেখ্য যে ৰাজ্যৰ লগতে বহিঃৰাজ্যতো শেহতীয়াকৈ যথেষ্ট চাহিদা বাঢ়িছে মেঘালয়ৰ পাইন কাঠৰ৷ মুখ্যতঃ এই পাইন কাঠক লৈয়েই এইবাৰ ব্যাপক চোৰাং কাৰবাৰত নামি পৰিছে একাংশ বন বিষয়া তথা চোৰাং কাঠৰ ব্যৱসায়ী৷ চোৰাং কাঠৰ ব্যৱসায়ীক এইক্ষেত্রত পূর্ণ সহযোগ আগবঢ়াইছে পূর্বে ছিণ্ডিকেট চলোৱা মহানগৰীৰ গেং অৱ থ্রীয়ে৷ দিছপুৰৰ কছাৰীবস্তিৰ প্রণৱ শর্মা, খানাপাৰাৰ ভিমু শর্মা আৰু বেলতলাৰ ৰাজদীপ দাস নামৰ এই তিনি ছিণ্ডিকেটকাৰীয়ে শেহতীয়াকৈ বন বিভাগৰ কেইবাজনো শীর্ষ বিষয়া তথা আৰক্ষী থানাক মেনেজ কৰি মেঘালয়ৰ পৰা বৃহৎ হাৰত চোৰাংভাৱে পাইন কাঠ গুৱাহাটীৰ মাজেৰে সৰবৰাহ কৰি আছে৷

অভিযোগ অনুসৰি প্রতিদিনে মেঘালয়ৰ পৰা গুৱাহাটীৰ মাজেৰে প্রায় ২০ৰ পৰা ২৫খন ট্রাকেৰে পাইন কাঠ সৰবৰাহ হয়৷ গুৱাহাটীৰ লগতে নামনিৰ বৰপেটা, ধুবুৰী, গোৱালপাৰা আৰু যোৰাবাট হৈ উজনি অসমৰ কেইবাখনো জিলালৈ যোৱা এই পাইন কাঠ প্রতিখন ট্রাকত অনা হয় ৩৫ৰ ৪০ ঘনমিটাৰ৷ কিন্তু ছিণ্ডিকেট চক্রটোৱে মেঘালয়ৰ আৰক্ষীকো মেনেজ কৰি চুবুৰীয়া ৰাজ্যখনৰ পৰা মাত্র ২০ ঘনমিটাৰ কাঠৰহে ট্রেনজিট পাছ উলিয়ায়৷ অতিৰিক্তভাৱে অনা ২০ ঘনমিটাৰ কাঠৰ বাবদ নাথাকে কোনোধৰণৰ চালান বা তথ্যপাতি৷ কার্যতঃ ইয়াৰ জৰিয়তে প্রতিদিনে ছিণ্ডিকেট চক্রটোৱে আঢ়ৈ লাখৰ পৰা ৩.৫০ লাখ টকাৰ কাঠ চোৰাংভাৱে সৰবৰাহ কৰি আছে৷ জানিব পৰা মতে, প্রতিঘনমিটাৰ পাইন কাঠৰ বাবদ মেঘালয় চৰকাৰে ৬ হাজাৰ টকাৰ ৰাজহ আদায় কৰে৷ সেই হিচাপত প্রতিখন ট্রাকে ২০ ঘনমিটাৰ কাঠৰ বিনিময়ত চুবুৰীয়া ৰাজ্যখনক আদায় দিয়ে ২.২০ লাখ টকাৰ ৰাজহ৷ ইয়াৰ বিপৰীতে ট্রেনজিট পাছ নোহোৱাকৈ ৰাজ্যখনৰ পৰা লৈ অহা হয় আঢ়ৈ লাখ টকাৰো অধিক মূল্যৰ পাইন কাঠ৷ গেং অৱ থ্রীয়ে ইয়াৰ জৰিয়তে প্রতিদিনেই প্রায় একোখন ট্রাকৰ জৰিয়তে চোৰাংভাৱে সৰবৰাহ কৰি আছে ২.৫০ লাখ টকাৰ পৰা তিনি লাখ টকালৈ কাঠ৷ মহানগৰীৰ বশিষ্ঠ, খানাপাৰা আৰু জালুকবাৰীত এই গেং অৱ থ্রীৰ নির্দেশতেই বন বিভাগ আৰু আৰক্ষীয়ে মেঘালয়ৰ পৰা অহা ট্রাকৰ ট্রেনজিট পাছ তথা নথি–পত্র পৰীক্ষা নকৰে৷ কার্যতঃ ইয়াৰ জৰিয়তে একোখন ট্রাকৰ পৰা ছিণ্ডিকেট চক্রটোৱে সংগ্রহ কৰে ৪০ হাজাৰ টকাকৈ৷ প্রতিদিনে অহা ২০–২৫খন ট্রাকৰ পৰা ছিণ্ডিকেট চক্রটোৱে সংগ্রহ কৰে ৫ লাখতকৈও অধিক ধন৷ এই বিশাল পৰিমাণৰ ধনেৰে ছিণ্ডিকেট চক্রটোৱে মেনেজ কৰি আহিছে আৰক্ষী আৰু বন বিভাগৰ শীর্ষ বিষয়াক৷ এইক্ষেত্রত বন বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষৰ নীৰৱ ভূমিকাই সমগ্র বিষয়টোক অধিক সন্দেহজনক কৰি তুলিছে৷

You might also like