নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুইপ’ৰ দুই অপহূতৰ ভিডিঅ’ মুকলি আলফাৰ, মুখ্যমন্ত্ৰী আৰু কোম্পানীক জীৱন ৰক্ষাৰ বাবে কাতৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ এমাহ পূৰ্বে আলফা স্বাধীনে অপহৰণ কৰি নিয়া অইল কোম্পানী কুইপ’ৰ দুই বিষয়াৰ এক ভিডিঅ’ মুকলি কৰিছে আলফা স্বাধীনে। ভিডিঅ’টোত কুইপ’ৰ অভিযন্তা প্ৰণৱ কুমাৰ গগৈ আৰু ৰেডিঅ’ অপাৰেটৰ ৰাম কুমাৰে তেওঁলোকৰ জীৱন বচোৱাৰ বাবে কোম্পানীটোৰ কৰ্তৃপক্ষ আৰু অসমৰ মুখ্যমন্ত্ৰীক আলফা স্বাধীনৰে থকা সংঘাতৰ সমাধান কৰিবলৈ কাতৰ আহ্বান জনাইছে।

আজি আলফা স্বাধীনে জাৰি কৰা ভিডিঅটো হিন্দী আৰু অসমীয়া ভাষাত মুকলি কৰা হয়। ভিডিঅ’টোত মুখ্যমন্ত্ৰী সোণোৱালক তেওঁলোকৰ জীৱন ৰক্ষাৰ স্বাৰ্থত কুইপ’ কোম্পানীক হেঁচা দিবলৈ অনুৰোধ জনোৱা হৈছে।

অপহূত অভিযন্তা প্ৰণৱ কুমাৰ গগৈয়ে অভিযোগৰ সুৰত কয় যে তেওঁলোকৰ মুক্তিৰ ক্ষেত্ৰত কোম্পানী কুইপ’ৱে আজি এমাহে কোনোধৰণৰ সক্ৰিয়তা প্ৰদৰ্শন কৰা নাই।

দুয়োগৰাকী অপহূতই নিজ মাতৃভাষাত বক্তব্য ৰাখি কয় যে কোম্পানী আৰু আলফা স্বাধীনৰ মাজৰ সংঘাতৰ বাবে তেওঁলোক আজি এমাহে সংগঠনটোৰ হাতত বন্দী হৈ আছে আৰু এইক্ষেত্ৰত তেওঁলোকৰ জীৱন ৰক্ষাৰ কাৰণে কোম্পানী কৰ্তৃপক্ষ আৰু মুখ্যমন্ত্ৰী সোণোৱালে ব্যৱস্থা গ্ৰহণ কৰি আলফা-কুইপোৰ সংঘাত আঁতৰোৱাত সহযোগ কৰিব লাগে।

অপহূত ৰেডিঅ’ অ’পাৰেটৰ ৰাম কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰকো সম্বোধন কৰি অসমৰ মুখ্যমন্ত্ৰীৰে এই দিশত কথা পাতি সমস্যা সমাধানেৰে তেওঁলোকৰ জীৱন ৰক্ষা কৰাৰ বাবে আহ্বান জনায়।

এই ভিডিঅ’ত এটা কথা স্পষ্ট হয় যে কুইপ’ আৰু আলফা স্বাধীনৰ মাজত এতিয়াও বুজাবুজি হোৱা নাই আৰু ইয়াৰ বাবে দুই অপহূতৰ জীৱনলৈ শংকা নামি আহিছে। 

You might also like