নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ ফেব্রুৱাৰীৰ পৰা বর্তমানৰ চৰকাৰৰ অন্তিমখন বিধানসভা অধিৱেশন

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ অহা ১১ ফেব্রুৱাৰীৰ পৰা অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ’ব৷ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এক অধিসূচনাযোগে এই অধিৱেশনৰ আয়োজন কৰিছে৷

ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’বলগীয়া এই অধিৱেশনতে আসন্ন বিধানসভা নির্বাচনৰ পৰিপ্রেক্ষিতত ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১–২২ বিত্তীয় বর্ষৰ প্রথম তিনিটা মাহৰ বাবে লেখানুদান দাখিল কৰিব৷

অসম বিধানসভা কর্তৃপক্ষই জানিবলৈ দিয়া মতে, বিধানসভাৰ এই অধিৱেশন কিমানদিনীয়া হ’ব সেয়া বিধানসভাৰ কার্য উপদেষ্টা পৰিষদে চূড়ান্ত কৰিব যদিও এই অধিৱেশন তিনিদিনীয়া হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

মন কৰিবলগীয়া এয়ে যে এই অধিৱেশনখনেই বর্তমানৰ চৰকাৰৰ অন্তিমখন অধিৱেশন৷

You might also like