নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত বিক্ৰম ছাৰাভাই ছায়েন্স একাডেমীৰ সফলতা

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিল : নগৰবেৰাৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ শিক্ষানুষ্ঠান বিক্ৰম ছাৰাভাই ছায়েন্স একাডেমীত আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ এক উছৱমুখৰ পৰিৱেশ বিৰাজ কৰে| উল্লেখ্য যে শিক্ষানুষ্ঠানখনৰ পৰা মুঠ ৪৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৩গৰাকীয়ে ডিষ্টিংচন, ১৮গৰাকীয়ে ষ্টাৰ মাৰ্কসহ ৪১গৰাকীয়ে ১ম বিভাগ আৰু ৫গৰাকীয়ে দ্বিতীয় বিভাগত উত্তীৰ্ণ হোৱাত শিক্ষানুষ্ঠানখনত সকলোৰে মাজত আনন্দৰ বন্যা নামে | অধ্যক্ষ ড° আবুল বাসাৰ, সমূহ শিক্ষক-শিক্ষয়িত্ৰী, পৰিচালন সঞ্চালক ড° আব্দুল জলিল সমন্বিতে শিক্ষানুষ্ঠানৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ গৌৰৱ অৰ্জন কৰা কৃতী পৰীক্ষাৰ্থীসকলক ফুলাম গামোচাৰে উষ্ম সম্বৰ্ধনা যচাৰ উপৰি সন্মুখত লৈ নগৰবেৰা বজাৰৰ মাজেৰে এক বিশাল শোভাযাত্ৰাও উলিয়ায় | মুঠতে শিক্ষানুষ্ঠানখনৰ এই সফলতা আৰু শৈক্ষিক বুৎপত্তিয়ে বৃহত্তৰ নগৰবেৰা অঞ্চলবাসীকো বেছ সন্তোষ দিছে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like