নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : নগৰবেৰাৰ ব্যক্তিগত খণ্ডৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান বিক্ৰম ছাৰাভাই ছায়েন্স একেডেমীত আজি দিনজোৰাকৈ নৱাগত আদৰণী সভা অনুষ্ঠিত হয় | পুৱাৰ ভাগতে পতাকা উত্তোলন ,গছপুলি ৰোপণ, বিজ্ঞানৰ প্ৰকল্পসমূহ প্ৰদৰ্শন, ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ চিনাকি পৰ্ব আদি অনুষ্ঠিত হয় | প্ৰতিকূল বতৰৰ মাজতো আজিৰ এই কাৰ্যসূচীক কেন্দ্ৰ কৰি উছৱমুখৰ হৈ পৰে শিক্ষানুষ্ঠানৰ সামগ্ৰিক পৰিৱেশ | দিনৰ প্ৰায় ১২ বজাত শিক্ষানুষ্ঠানখনৰ ৰেক্টৰ ড° আবুল বাসাৰৰ পৌৰোহিত্যত অনুষ্ঠিত নৱাগত আদৰণী ও বঁটা বিতৰণী সভাত সভা উদ্বোধন আৰু আদৰণী ভাষণ দিয়ে অধ্যক্ষ নিৰ্মল চন্দ্ৰ কলিতাই | সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবীদ, লেখক, সাংবাদিক পৰেশ বৈশ্য, নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বকো জে এন কলেজৰ সহযোগী অধ্যাপক ড° নুৰুদ্দিন আহমেদ, গৰৈমাৰী হাকিম চৌধুৰী মেম’ৰিয়েল একাডেমীৰ পৰিচালন সঞ্চালক ৰফিক চৌধুৰী, আমন্ত্ৰিত অতিথি হিচাপে নগৰবেৰা আঞ্চলিক মৌজা কমিটীৰ সভাপতি উদয় শংকৰ মেধি, টুপামাৰী আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ আব্দুল হাকিম, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লুইতপৰীয়া মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক আব্দুল ওৱাহাব, বি পি উঃ মাঃ বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক অমিয় কুমাৰ মেধি আদি ভালেসংখ্যক বিশিষ্ট ব্যক্তি | বিয়লি প্ৰায় ২ বজাৰ পৰা নৱাগত আদৰণী সভা উপলক্ষে আমন্ত্ৰিত কণ্ঠশিল্পী জেক আছলাম আৰু ৰূপাঞ্জলীৰ গীতৰ অনুষ্ঠানক কেন্দ্ৰ কৰি শিক্ষানুষ্ঠানখনত এক উছৱমুখৰ পৰিৱেশ বিৰাজ কৰে | মুঠতে প্ৰতিকূল বতৰৰ মাজতো সুন্দৰ আৰু সুকলমে সামৰণি পৰে নগৰবেৰাৰ বিক্ৰম ছাৰাভাই ছায়েন্স একাডেমীৰ নৱাগত আদৰণী সভাৰ |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস