নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি আচল খেল

ত্রিপুৰা বিধানসভাৰ অন্তিমটো নির্বাচনত ‘চলো পাল্টাই’ ধ্বনিটোৱে ৰাজ্যখনৰ ক্ষমতাৰ পৰা বামপন্থীক অপসাৰণত উল্লেখযোগ্য ভূমিকা লৈছিল৷ বিজেপিৰ সেই ধ্বনিটোৱে বাংলাদেশ সীমান্তৰ ক্ষুদ্র ৰাজ্যখনত পৰিৱর্তনৰ নতুন লহৰ এটা সৃষ্টি কৰিছিল৷ অনুৰূপ ধৰণে এইবাৰ পশ্চিমবংগত ‘খেলা হবে খেলা হবে’ শীর্ষক গীতটোৰ আৰম্ভণিৰ ‘খেলা হবে’ শব্দ দুটাই বিশেষভাৱে প্রভাৱ পেলাব বুলি সর্বত্র ধাৰণা এটা গা কৰি উঠিছে৷ তৃণমূল কংগ্রেছৰ সপক্ষত ৰচিত গীতটোৰ ‘খেলা হবে খেলা হবে’ৰ আবেদন বংগৰ চৌদিশে সম্প্রসাৰিত হৈ পৰিছে৷ অকল সেয়াই নহয়, কেতিয়া ই বংগৰ পৰিসীমা ভাঙি অসমত প্রৱেশ কৰিলে, কোনেও তত্ ধৰিবই নোৱাৰিলে৷ অসমৰ কেইবাটাও সমষ্টিৰ নির্বাচনী প্রচাৰত ‘খেলা হবে খেলা হবে’ অন্যতম জনপ্রিয় আৰু প্রভাৱশালী ধ্বনিত পৰিণত হৈছে৷ বিশেষকৈ বৰাক আৰু নামনি অসমৰ জিলাকেইখনমানত সাধাৰণ জনগণ আৰু নেতা–প্রার্থীৰ মুখতে সততে শুনিবলৈ পোৱা গৈছে ‘খেলা হবে’ ধ্বনি৷ অৱশ্যে অসমত এতিয়া খেলা শেষ হোৱাৰ দিশত৷ ৰাজ্যখনত আজি তৃতীয় তথা অন্তিম পর্যায়ৰ ভোটগ্রহণ৷ যদি পুনৰ ভোটগ্রহণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ নহয়, আজিয়েই অসমত বিধানসভা নির্বাচনৰ ভোটগ্রহণ প্রক্রিয়াৰ পৰিসমাপ্তি ঘটিব৷ অর্থাৎ আজিয়েই অসমত খেলা শেষ৷ মাথোঁ ফলাফললৈ অপেক্ষা থাকিব৷ ২ মে’ত সেই অপেক্ষাৰো অন্ত পৰিব৷
আজি ভোটগ্রহণ হোৱা ৪০টা বিধানসভা সমষ্টিৰ এইবাৰৰ নির্বাচনত বিশেষ গুৰুত্ব আছে৷ ইয়াৰ জৰিয়তে ৰাজ্যত গঠন হ’বলগীয়া চৰকাৰখনৰ বাবে হঠাতে ‘কিংমেকাৰ’ৰ ৰূপত কোনো নতুন শক্তিৰ আৱির্ভাৱ ঘটিব পাৰে৷ ক্ষমতা আৰু সময়ৰ তাগিদাত নতুবা মর্চা ৰাজনীতিৰ সমীকৰণো সলাই দিব পাৰে৷ এইটো পর্যায়ৰ নির্বাচনত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ প্রভাৱ বা সম্ভাৱনা বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ তুলনাত অধিক বুলি বিগত নির্বাচনী সূচী প্রকাশ হোৱা সময়ৰ পৰাই ৰাজ্যখনত চর্চা হৈ আহিছে৷ মহাজোঁটত বিপিএফৰ চামিলে এই ধাৰণাক অধিক শক্তিশালী কৰি তুলিছে৷ ইয়াৰ কাৰণো নথকা নহয়৷ ৪০টা সমষ্টিৰ বেছিভাগতে কংগ্রেছ, এআইইউডিএফ আৰু বিপিএফ সাংগঠনিকভাৱে শক্তিশালী৷ দল তিনিটাৰ হাততেই আছে কেইবাখনো আসন৷ তদুপৰি, ভোটৰ বিন্যাসৰ দিশৰ পৰাও মহাজোঁটৰ স্থিতি প্রতিপক্ষৰ তুলনাত সুবিধাজনক বুলি ক’ব পাৰি৷ সমষ্টিকেইটাৰ মিত্রজোঁটৰ দখলত থকা কেইবাটাও সমষ্টিৰ সমীকৰণ এইবাৰ মহাজোঁটৰ অনুকূলে৷ মহাজোঁটৰ অংশীদাৰ দল কংগ্রেছ, এআইইউডিএফ, বিপিএফ আৰু চিপিএম, চিপিআইৰ ভোটবেংকত যদি ব্যাপক খহনীয়াৰ সৃষ্টি নহয় আৰু মর্চা ৰাজনীতিয়ে যদি ‘ক্লিক’ কৰে, তেন্তে বহু সমষ্টিত সেই একত্র শক্তিক পৰাভূত কৰাটো বিজেপি–গপ–ইউপিপি হাছঙৰ ষষ্ঠ অনুসূচী দাবী সমিতিৰ বাবে কঠিন হৈ পৰিব৷ শেহতীয়াকৈ বিটিআৰত অনুষ্ঠিত পৰিষদীয় নির্বাচনত কোকৰাঝাৰ আৰু চিৰাং জিলাত বিপিএফে অভাৱনীয় সাফল্য লাভ কৰিছিল৷ ইয়াৰ মূলতে আছিল ধর্মীয় সংখ্যালঘুৰ আশীর্বাদ৷ এইবাৰো যাতে এই বিশেষ ধর্মীয় গোষ্ঠীটোৰ কৃপা বিপিএফৰ ওপৰতে থাকে, সেই উদ্দেশ্যে হাগ্রামা মহিলাৰীয়ে মহাজোঁট শাসনলৈ আহিলে মাদ্রাছা পুুনৰ মুকলি কৰা হ’ব বুলি সভাই–সমিতিয়ে প্রতিশ্রুতি দি আছে৷ লগতে মহাজোঁট ক্ষমতালৈ আহিলে বিটিচিতো বিপিএফ ক্ষমতালৈ আহিব বুলি হাগ্রামা মহিলাৰীয়ে প্রচাৰ চলাই আছে৷ দলটো বিটিচিত একক সংখ্যাগৰিষ্ঠ হৈও মাথোঁ কেইখনমান আসনৰ বাবে বিটিচিৰ ক্ষমতা দখল কৰিব নোৱাৰিলে৷ কিন্তু এতিয়াও আশা এৰি নিদিয়া হাগ্রামা মহিলাৰীয়ে বিটিচিৰ শাসন পুনৰ নিজৰ হাতলৈ আনিব বুলি দাবী কৰি পৰিষদীয় অঞ্চলৰ অজনজাতীয় ভোটাৰৰ মাজত প্রভাৱ বিস্তাৰ কৰাৰ কৌশল হাতত লৈছে৷ মহিলাৰীৰ এই কৌশলে কাম কৰিলে কোকৰাঝাৰ আৰু চিৰাং জিলাৰ কেউটা (পাঁচটা) সমষ্টি পুনৰ নিজৰ দখললৈ অনাত সফল হ’বও পাৰে৷ একেদৰে বাক্সা জিলাৰ বিধানসভা সমষ্টিকেইটাতো দলটোৱে কংগ্রেছ–এআইইউডিএফৰ্ সহায়ত মিত্রজোঁটৰ সন্মুখত প্রত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে৷ হাগ্রামা মহিলাৰীয়ে যিমানেই আসন লাভ কৰিব, সিমানেই মিত্রজোঁটৰ বাবে সংকট বাঢ়িব৷ দ্বিতীয়তে, এইটো পর্যায়ৰ নির্বাচন মহাজোঁটৰ আনটো অংশীদাৰ দল এআইইউডিএফৰো শক্তি পৰীক্ষাস্বৰূপ হৈ পৰিছে৷ দলটোৰ আসনৰ সংখ্যা যিমানেই বাঢ়িব, মহাজোঁটত বদৰুদ্দিন আজমলৰ প্রভুত্ব আৰু ক্ষমতা সিমানেই বৃদ্ধি পাব৷ তদুপৰি, এইটো পর্যায়ৰ নির্বাচনত এআইইউডিএফৰ সাফল্যই অসমত মহাজোঁটৰ চৰকাৰ গঠন হ’ব নে নাই, সেইটো নির্ণয় কৰিব৷ প্রথম পর্যায়ৰ নির্বাচনত আজমলৰ দলটোৰ উপস্থিতি শূন্য আছিল৷ দ্বিতীয় পর্যায়ৰ নির্বাচনত বৰাক আৰু অবিভক্ত নগাঁও জিলাৰ কেইখনমান আসনত দলটোৱে প্রতিদ্বন্দ্বিতা কৰিছে৷ সকলোবোৰ মিলি এআইইউডিএফৰ বাবে এইটো পর্যায়ৰ নির্বাচন অতি গুৰুত্বপূর্ণ৷ অনুৰূপ ধৰণে কংগ্রেছৰ বাবেও মৰণপণ যুঁজৰ ক্ষেত্র হৈ পৰিছে অন্তিম পর্যায়ৰ নির্বাচন৷ প্রথম পর্যায়ৰ নির্বাচনত দলটোৱে বহু আসনত জয়লাভ কৰিব, তেনে সম্ভাৱনা ক্ষীণ৷ দ্বিতীয় পর্যায়ৰ নির্বাচনতো দলটোৰ ফলাফল মিশ্রিত হোৱাৰ সম্ভাৱনাই অধিক৷ গতিকে, কংগ্রেছ আৰু মহাজোঁটৰ সম্পূর্ণ ভৱিষ্যৎ অন্তিম পর্যায়ৰ নির্বাচনী ফলাফলৰ ওপৰতে নির্ভৰশীল হৈ পৰিছে৷
তৃতীয় পর্যায়ৰ নির্বাচনটো মিত্রজোঁটৰ সহযোগী দলৰ বুলি ইতিমধ্যে বিজেপি নেতৃত্বই ঘোষণা কৰি থৈছে৷ প্রথম দুটা পর্যায়ৰ নির্বাচনত কাংক্ষিত সাফল্য লাভ কৰিব বুলি আশাবাদী বিজেপিৰ দুই মিত্রদল অগপ আৰু ইউপিপিএলৰ আচল যুদ্ধখন এইটো পর্যায়তে হ’ব৷ মহাজোঁটে বিটিআৰৰ কেউটা সমষ্টিতে বিপিএফক অকলে প্রতিদ্বন্দ্বিতা কৰিবলৈ এৰি দিছে৷ মাথোঁ আংশিকভাৱে বিটিআৰৰ অন্তর্ভুক্ত সৰভোগ সমষ্টিত চিপিএমক প্রার্থিত্ব দিছে৷ বাকী নটা সমষ্টিত বিপিএফে অকলে যুঁজিব৷ ইয়াৰ বিপৰীতে ইউপিপিএলে চাৰিটা সমষ্টিত বিজেপিৰে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাত নামিছে৷ বৰমাত বিটিচি চৰকাৰৰ অংশীদাৰ জিএছপিৰ সভাপতি তথা সাংসদ নৱ কুমাৰ শৰণীয়াই নির্দলীয়ভাৱে প্রতিদ্বন্দ্বিতা কৰিছে৷ এই পাঁচটা সমষ্টিয়ে বিটিআৰত মিত্রজোঁটক বেকফুটলৈ ঠেলি দিব পাৰে৷ ভোট বিভাজনে বিপিএফৰ বাট মুকলি কৰি দিব পাৰে৷ ইউপিপিএলৰ আসনৰ সংখ্যা পাঁচখনতকৈ কমলৈ নমাটো মিত্রজোঁটৰ বাবে সুখকৰ হৈ নুঠিবও পাৰে৷ আনহাতে, দিছপুৰত মিত্রজোঁটৰ চৰকাৰ গঠন হ’ব লাগিলে অসম গণ পৰিষদ সফল হ’বই লাগিব৷ অগপক সেই কাংক্ষিত সফলতা তৃতীয় পর্যায়ৰ নির্বাচনে আনি দিব পাৰে৷ একেদৰে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰা সমষ্টিকেইটাতো অগপৰ ভোটৰ গুৰুত্ব আছে৷ এতেকে এইটো পর্যায়ত অগপ সফল হ’বই লাগিব৷ কিন্তু সেইটো সিমান সহজ হ’বনে? বৰপেটা, ছয়গাঁও, গোৱালপাৰা (পূব আৰু পশ্চিম), অভয়াপুৰী (উত্তৰ আৰু দক্ষিণ), মানকাচৰৰ দৰে সমষ্টিত অগপৰ সম্ভাৱনা কিমান, সেইটোৰ ওপৰত বহু কথা নির্ভৰ কৰিব৷ এইটো পর্যায়ৰ নির্বাচনত কেইটামান সমষ্টিত অজাপ আৰু ৰাইজৰ দলৰ ভূমিকা লক্ষণীয় হ’ব৷ পাটাছাৰকুছি সমষ্টিত অজাপৰ পবিন্দ্র ডেকা এগৰাকী শক্তিশালী প্রার্থী৷ হাজোত দুলু আহমেদে শক্তি প্রদর্শন কৰিবলৈ সক্ষম হৈছে৷ ভৱানীপুৰত ৰাইজৰ দলৰ প্রার্থী কমল কুমাৰ মেধিৰো স্থান এটা ওলাইছে৷ বঙাইগাঁৱত অজাপৰ দীপু চৌধুৰীয়ে একপ্রকাৰ ধুমুহাৰ সৃষ্টি কৰিছে৷ জনিয়াতো অজাপৰ প্রার্থীগৰাকীৰ স্থিতি শক্তিশালী৷ তেওঁলোকে জয়–পৰাজয়ৰ খেলখন ওলট–পালট কৰি দিব পাৰে৷
স্বাভাৱিকতে অন্তিম পর্যায়ৰ নির্বাচন অসমৰ ভৱিষ্যতৰ চৰকাৰৰ বাবে গুৰুত্বপূর্ণ হৈ উঠিব পাৰে৷ নির্বাচনটোৱে নতুনকৈ গঠন হ’বলগীয়া চৰকাৰৰ ৰেহৰূপ সলনিও কৰি দিব পাৰে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কৈছে– প্রথম পর্যায়ৰ নির্বাচনত মিত্রজোঁটে ৩৭খন আসন পাব৷ বিজ্ঞাপন জাৰি কৰি দলটোৱে কৈছে– সেইটো পর্যায়ত মিত্রজোঁটৰ হাতলৈ যাব কেউখন আসন৷ আনহাতে, কংগ্রেছৰ দাবী– প্রথম পর্যায়ৰ নির্বাচনত কংগ্রেছে আশাতীত সফলতা লাভ কৰিব৷ দলটোৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাৰ মতে, দ্বিতীয় পর্যায়ৰ নির্বাচনত মহাজোঁটৰ হাতলৈ ২৫খন আসন আহিব৷ বিজেপিৰ শীর্ষস্থানীয় নেতাৰ মতে, দ্বিতীয় পর্যায়ৰ নির্বাচনত পূর্বৰ তুলনাত বিজেপি মিত্রজোঁটৰ আসনৰ সংখ্যা দুই–এখন বাঢ়িব৷ সেই হিচাপত প্রথম দুটা পর্যায়তে চৰকাৰ গঠনৰ আৱশ্যকীয় সংখ্যা দুয়োটা মর্চাই লাভ কৰি থৈছে৷ কিন্তু কথাটো ইমান সৰল নহয়৷ চৰকাৰ গঠনৰ বাবে দুয়োটা মর্চাই তৃতীয় পর্যায়ৰ সমষ্টিকেইটালৈ মুখ মেলি নোচোৱাকৈ থাকিব নোৱাৰিব বুলি ধাৰণা হৈছে৷ অৱশ্যে আচল কামটো ভোটাৰেহে কৰিছে৷ কিয়নো নির্বাচনত ভোটাৰহে আচল৷ বাকী সকলো আপেক্ষিক৷ সেয়ে কোৱা হয়– মানুহে সকলো জানে৷ সকলো বুজে৷Man is knowing everything. Man is understanding everything. Man will not tolerate injustice. Man will give reply. Man is let us know his mind in voting decision.

You might also like