ডিজিটেল ডেস্ক, ১০ মাৰ্চ : সমাগত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা হৈছে VOTE VIBEৰ দ্বিতীয় সমীক্ষা। এই সমীক্ষা মতে, ৰাজ্যত বৰ্তমান চৰকাৰৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰিছে অধিকাংশ লোকে। সমীক্ষা অনুসৰি, প্ৰায় ৫৫.৬ শতাংশ লোকে পুনৰ বিজেপি চৰকাৰ গঠন হোৱাটো বিচাৰে।
VOTE VIBEৰ দ্বিতীয় সমীক্ষাত মুখ্যমন্ত্ৰী পদৰ বাবে জনপ্ৰিয়তাৰ ক্ষেত্ৰত আগবাঢ়ি আছে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কিন্তু তাৰ মাজতে মুছলমান ভোটাৰৰ মাজত এতিয়াও জনপ্ৰিয় হৈয়ে ৰৈছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। প্ৰায় ৬৫ শতাংশ মুছলমান ভোটাৰে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে গৌৰৱ গগৈক।
উল্লেখ্য যে VOTE VIBEৰ সমীক্ষাত মুখ্যমন্ত্ৰীৰ বিতৰ্কিত ‘মিঞা’ মন্তব্যক লৈও জনমত লোৱা হয়। সেই সমীক্ষাত ৫৫.৪ শতাংশ লোকে মুখ্যমন্ত্ৰীৰ বিতৰ্কিত ‘মিঞা’ মন্তব্যৰ সমৰ্থন কৰিছে। আনহাতে ২১.৭ শতাংশ লোকে এই মন্তব্যৰ বিৰোধিতা কৰিছে আৰু ২২.৮ শতাংশ লোকে এই বিষয়ত কোনো মতামত দিয়া নাই। ইয়াৰ লগতে লিংগভিত্তিক পৰিসংখ্যা অনুসৰি, ৫১ শতাংশ মহিলা আৰু ৪৩ শতাংশ পুৰুষে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। বয়সভিত্তিক পৰিসংখ্যাতো মুখ্যমন্ত্ৰীৰ যথেষ্ট জনপ্ৰিয়তা দেখা গৈছে। ৫৫ বছৰ ঊৰ্ধ্বৰ ৬০ শতাংশ, ৩৫–৪৪ বছৰ বয়সৰ ৫৪ শতাংশ, ৪৫–৫৪ বছৰ বয়সৰ ৫১ শতাংশ আৰু ২৫–৩৪ বছৰ বয়সৰ ৪৮ শতাংশ ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে সমৰ্থন কৰিছে। যদিও ১৮–২৪ বছৰ বয়সৰ ভোটাৰৰ মাজত এই সমৰ্থন ২৫ শতাংশ।
ইফালে, জাতিগত পৰিসংখ্যাতো মুখ্যমন্ত্ৰীৰ শক্তিশালী সমৰ্থন দেখা গৈছে। SC জনগোষ্ঠীৰ ৭২ শতাংশ, OBCৰ ৭২ শতাংশ আৰু সাধাৰণ শ্ৰেণীৰ ৭৯ শতাংশ ভোটাৰে মুখ্যমন্ত্ৰী ৰূপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। আনহাতে, ST জনগোষ্ঠীৰ ৪৯ শতাংশ আৰু মুছলমান ভোটাৰৰ ১৮ শতাংশই তেওঁক মুখ্যমন্ত্ৰী ৰূপে সমৰ্থন কৰিছে। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এই সমীক্ষাই ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিৰ এক গুৰুত্বপূৰ্ণ ছবি দাঙি ধৰা বুলি ৰাজনৈতিক মহলে মত প্ৰকাশ কৰিছে। আনহাতে, ২০.১ শতাংশ লোকে পুনৰ বিজেপি চৰকাৰ হোৱাটো নিবিচাৰে বুলি মত প্ৰকাশ পাইছে।