নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিলীপ শইকীয়াক ভোট দিয়াৰ অৰ্থ মোদীক প্ৰধানমন্ত্ৰী পতা : নাড্ডা

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ১৮ এপ্ৰিলঃ দৰং-ওদালগুৰি লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক আপোনালোকে ভোট দিয়াৰ অৰ্থ হৈছে মোদীজীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পতা আৰু দেশৰ উন্নয়নৰ দিশত আগুৱাই নিয়া। আজি সমগ্ৰ ভাৰতত যি অহংকাৰী ইণ্ডী গোটবন্ধন আছে তেওঁলোকৰ লক্ষ্য হ’ল ভ্ৰষ্টাচাৰীক ৰক্ষণাবেক্ষণ দিয়া আৰু পৰিয়ালবাদী ৰাজনীতি সম্প্ৰসাৰিত কৰা। কিন্তু, দুখীয়া পৰিয়ালৰ সন্তান মোদীৰ লক্ষ্য দেশৰ পৰা দুৰ্ণীতি, অনিয়ম, ভ্ৰষ্টাচাৰ নিৰ্মূল কৰি দেশক দৰিদ্ৰতাৰ পৰা মুক্তি দিয়া, ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালীৰূপে প্ৰতিস্হা কৰা। আপোনালোকে কওঁক, কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্বত যেতিয়া ইউপিএ চৰকাৰ আছিল, তেতিয়া কয়লা কেলেংকাৰীকে ধৰি ১০ লাখ কোটি টকাৰ কেলেংকাৰী হৈছিল। এই গোট বন্ধনৰ অংশীদাৰী প্ৰতিটো দল এটাৰ পাছত আন এটা ঘোটালাত জড়িত আছিল। আৰজেডিৰ লালুপ্ৰসাদ যাদৱৰ দিনত পশুখাদ্য কেলেংকাৰী, ৰেলৱে’ত চাকৰিৰ বাবে মাটি ঘোটালা। সমাজবাদী পাৰ্টীৰ অখিলেশ যাদৱৰ দিনত লেপটপ ঘোটালাকে ধৰি কেবা হাজাৰ কোটি টকাৰ কেলেংকাৰি হৈছিল। আনহে নালাগে টিএমচিৰ মমতা বেনাৰ্জীৰ চৰকাৰে ৰেচনৰ চাউল, শিক্ষক নিযুক্তি আদি সকলোতে কেলেংকাৰী কৰিছে। কিন্তু, বিগত ১০ বছৰত মোদীৰ নেতৃত্বত এনডিএ চৰকাৰৰ দিনত এটা ফুটাকড়িৰো হেৰফেৰ হোৱা নাই। বৰংচ, কেলেংকাৰিৰ পৰা জব্দ কৰা ধনেৰে দৰিদ্ৰসকলৰ বাবে উন্নয়ণমূলক আঁচনিহে লোৱা হৈছে। ভাৰত আজি কেলেংকাৰীমুক্ত দেশ হিচাবে বিশ্বৰ বুকুত নতুন পৰিচয় লাভ কৰিছে। গতিকে ২৬ এপ্ৰিলত পদুমৰ চিহ্নত বুটাম টিপি আপোনালোকে দৰং-ওডালগুৰি লোকসভা সমষ্টিত বিজেপি, ইউপিপিএল, অগপৰ উমৈহতীয়া প্ৰাৰ্থী দিলীপ শইকীয়া জয়ী কৰোৱাব। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ ওডালগুৰি জিলাৰ ৰৌতাত এই আহ্বান বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ। দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুস্হিতব্য সমষ্টিটোৰ প্ৰথমখন নিৰ্বাচনী সভাত অংশ লৈ ৰাষ্ট্ৰীয় সভাপতি নাড্ডাই দলীয় প্ৰাৰ্থী শইকীয়াক এগৰাকী সক্ৰিয় আৰু ৰাইজৰ সুখে-দুখে থকা সাংসদ বুলি প্ৰশংসা কৰে। ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত সভাত উপস্থিত হৈ কংগ্ৰেছ আৰু বিৰোধী মিত্ৰশক্তিক কঠোৰ সমালোচনা কৰে নাড্ডাই। তেওঁ দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াক ভোট প্ৰদান কৰি জয়যুক্ত কৰাৰ লগতে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিবলৈ পদুমৰ বুটামত ভোট দিবলৈ আহ্বান। অসমীয়া আৰু বড়ো লোকবাদ্যৰে ৰৌতাৰ দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীক বিপুল আদৰণি জনোৱাও হয়। তেওঁ উত্তৰ পূবৰ লগতে অসমত উন্নয়ণ আৰু শান্তিৰ বাতাৱৰণ অনাত মোডী চৰকাৰৰ কেবাটাও পদক্ষেপ ব্যাখ্যা কৰি কয় যে, বড়োলেণ্ডত শান্তিৰ লগতে সমগ্ৰ অসমত শান্তিৰ পৰিৱেশ অনাৰ কেবাটাও উগ্ৰপন্হী সংগঠনৰে শান্তিচুক্তি স্বাক্ষৰ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত প্ৰগতিৰ পথ মুকলিৰ দিশত ডবল ইঞ্জিন চৰকাৰ বুলি অভিহিত কৰে তেওঁ। সভাত কেবাগৰাকীও বিধায়ক, নেতা উপস্থিত থাকে আৰু সভাৰ অন্তত কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বংগত যোৱানিশা ৰামনৱমীৰ সমদলত শিল নিক্ষেপ, হিংসাৰ বাবে মমতা বেনাৰ্জীক জগৰীয়া কৰি দেশৰ ৰাইজে ইণ্ডি মিত্ৰজোঁটক প্ৰত্যুত্তৰ দিব বুলি উল্লেখ কৰে।

প্ৰেৰক দিগন্ত কুমাৰ শৰ্মা

You might also like