নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ এপ্রিল, ব’হাগ মাহৰ ৬ তাৰিখ
শুকুৰবাৰ : তিথি– শুক্লা একাদশী, নক্ষত্র : মঘা, যাত্রা : শুভ

মেষ : প্রিয় কোনো ব্যক্তিৰ সান্নিধ্য পোৱাৰ যোগ৷ মনৰ কথা ব্যক্ত কৰি শান্তি অনুভৱ কৰিব৷ ঘৰুৱাত মধ্যম৷ সন্তানৰ চিন্তাৰ উন্নতি৷ শুভ ৰং নীলা, শুভ সংখ্যা ৮৷

বৃষ : আর্থিক উন্নতিৰ বাবে চেষ্টা কৰি চালে হয়তো আশান্বিত হ’ব৷ প্রাপ্য প্রমোচন আদিৰো কাৰক৷ ৰাহু মংগলৰ বাবে অকাৰণত খং আৰু ফুৰা–চকাত বিশেষভাৱে সাৱধান থকাটো ভাল৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

মিথুন : নতুন যোগাযোগ আদিত খুব বেছি চেষ্টা নকৰি গতানুগতিকতা ৰক্ষা কৰি চলক৷ বিদ্যাত সিমান নিৰাশ নহয়৷ শৰীৰ সম্পর্কে কিছু চিন্তা৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷

কর্কট : মিশ্রিত ফল৷ যিমান ভবা যায় সিমান উপকৃত হ’ব নোৱাৰিব৷ দিনটোত যিখিনি কৰে, দায়িত্বপূর্ণ ব্যক্তি হিচাপে সাৱধান হওক৷ শৰীৰ মজলীয়া৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷

সিংহ : মহিলাসকলে কোনো আকাংক্ষিত কাৰণত অগ্রগতি লভিব৷ শৰীৰ খুব বেয়া নহ’ব৷ যিখিনি যত্ন কৰিব তাৰ ফলত খুব নিৰাশাও নহ’ব৷ ভ্রমণত সুখ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৭৷

কন্যা : আকস্মিক সংযোগ লাভ হ’লেও বৰ উন্নত বা উৎসাহ নাপাব৷ শৰীৰৰ ইটো–সিটোৰ লগত ঘৰুৱা কথাতো অনুকূল নহ’ব৷ বন্ধুৰ পৰা উপকাৰ৷ শুভ ৰং বগা, শুভ সংখ্যা ১৷

তুলা : কর্ম বিষয়ক প্রগতিত কষ্টৰ মাজেৰেও অনুকূলতা লাভ৷ বন্ধুবর্গৰ সহায় থাকিব৷ কোনো লোকৰ মিঠা কথাৰ প্রতি তীক্ষ্ণ নজৰ ৰাখক৷ দাম্পত্যত চিন্তা৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

বৃশ্চিক : অন্যান্য দিশৰ লগতে ব্যক্তিগত কোনো উদ্দেশ্যত অগ্রগতি লভিব৷ বহু আকাংক্ষিত দিশত কিবা হ’লেও অকণ আস্থা দেখিব৷ শৰীৰ মধ্যম৷ দাম্পত্যত শুভ৷

ধনু : গাৰ বলেৰে কাম সমাধা কৰিব পাৰিলেও তাৰ ফল অনুকূল নহ’ব বাবে তেনে চেষ্টা বর্জন কৰক৷ শৰীৰ খুব উন্নত নহ’ব৷ সৰু কথাতে বিতুষ্ট হৈ পৰিব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷

মকৰ : বিদ্যার্থীৰ আজি কিছু চিন্তা থাকিব৷ কিবা ক্লেশদায়ক কাৰণত সমস্যাত পৰিব৷ পৰাপক্ষত ভ্রমণ স্থগিত ৰাখক৷ দাম্পত্যত মজলীয়া ফল৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৪৷

কুম্ভ : নিৰুৎসাহৰ দিন নহ’ব৷ যোগাযোগ, ঘৰুৱা–সন্মানিত কর্মত অনুকূল৷ কিন্তু তাৰ মাজতে গোপন শত্রুৰ বাবে শংকিত হ’ব পাৰে৷ পঢ়াত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

মীন : চিন্তা কৰি চলক দিনটোত৷ বেছি উৎসাহতে একো ভুল নকৰি সতর্ক থাকক৷ আগতে নভবা কথাক লৈ কিবা প্রস্তুতিৰ দৰকাৰ৷ শৰীৰ মধ্যম৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like