নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত আকৰ্ষণীয় নিৰ্বাচনী যুঁজ

বিশেষ বাৰ্তা , বঙাইগাঁও , ৪ মাৰ্চঃ পৌৰ নিৰ্বাচন লৈ মাজত মাত্ৰ এটা দিন বাকী থকাত বঙাইগাঁও পৌৰসভাৰ ৱাৰ্ডে ৱাৰ্ডে নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে ৷ প্ৰতিটো ৱাৰ্ডৰ চুকে-কোণে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসকলৰ বেনাৰ -পোষ্টাৰ আদিৰে ভৰি পৰিছে ৷ বঙাইগাঁও পৌৰসভা নিৰ্বাচনত এইবাৰ বিজেপিৰ উত্থানে শক্তিশালী অগপক শ’লঠেকত পেলোৱা পৰিলক্ষিত হৈছে ৷ বিগত নিৰ্বাচনত মুঠ ২৫ টা ৱাৰ্ডৰ ভিতৰত অগপই ২০ টা , বিজেপিয়ে ৩ টা, কংগ্ৰেছে ২ টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছিল ৷ বিগত নিৰ্বাচনত অগপই সহজে পৌৰসভা দখল কৰিলেও এইবাৰ কিন্তু যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে ৷ মিত্ৰদল বিজেপিয়ে পৌৰসভা দখলৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰি নিৰ্বাচনী  যুজত নামি পৰাত বহু ৱাৰ্ডত অগপৰ অংকত আউল লগোৱাৰ সম্ভাৱনা আছে ৷ বঙাইগাঁও পৌৰসভাখনৰ ২৫ টা ৱাৰ্ডৰ ভিতৰত ২৩ নং ৱাৰ্ডত অগপৰ প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ ফলত ২৪ টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ ইয়াৰ বাবে অগপ, বিজেপি, কংগ্ৰেছ, চিপিআই(এম), নিৰ্দলীয়কে ধৰি সৰ্বমুঠ ৭৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে ৷ অগপই আটাইকেইটা ৱাৰ্ডতে প্ৰাৰ্থী দিয়াৰ লগতে কংগ্ৰেছৰ তৰফৰ পৰা এইবাৰ ১৯ টা ৱাৰ্ডত আৰু বিজেপিয়ে ২৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ পৌৰসভাখনৰ অধিকাংশ ৱাৰ্ডতে অগপ আৰু বিজেপিৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱণা আছে যদিও তিনি বা চাৰিটা ৱাৰ্ডত কংগ্ৰেছ বা অইন প্ৰাৰ্থী মূল প্ৰতিদ্বন্দ্বিতাত আহিব পাৰে ৷

পৌৰসভা এলেকাধীন ৱাৰ্ডসমুহত অসমীয়াৰ লগতে বঙালী আৰু হিন্দীভাষীকে ধৰি মিশ্ৰিত ভোটাৰ থকা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ বঙাইগাঁও পৌৰসভাৰ ২৫ টাৰ প্ৰায় ১৭ টা ৱাৰ্ডতে বঙালী সম্প্ৰদায়ৰ লোকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে ৷ বিজেপিয়ে ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰা দেখা গৈছে ৷ বিশেষকৈ বিটিআৰৰ কাৰ্যবাহী সদস্য তথা ফকীৰাগ্ৰামৰ পাৰিষদ অৰূপ কুমাৰ দেই বিগত প্ৰায় দহ দিনৰ অধিক কাল বঙাইগাঁৱত বাহৰ পাতি মাৰাথন প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ যুৱ নেতাজনে অলিয়ে গলিয়ে প্ৰচাৰ অভিযান অব্যাহত ৰাখি বঙালী ভোটাৰ সকলক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷ দেই ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ, ধৰ্মীয় অনুষ্ঠান আদিত সেৱা ভক্তি কৰি কম সময়ৰ ভিতৰত বহুতৰ আস্থাভাজন হৈ পৰিছে। ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা বঙাইগাঁও পৌৰসভা নিৰ্বাচনৰ  তত্বাৱধায়ক হিচাপে দায়িত্ব প্ৰদান কৰা অৰুপ কুমাৰ দেয়ে গান গাই, নাচি-বাগি , ভাষণ দি ৱাৰ্ডসমুহত ব্যাপক প্ৰচাৰ অভিযান চলোৱা দেখা গৈছে ৷ ইয়াৰ উপৰিও ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভানেত্ৰী আংগুৰলতা ডেকা প্ৰমুখ্য কেইবাগৰাকী নেতৃবৰ্গই দলটোৰ হৈ প্ৰচাৰ চলাইছে ৷ ইফালে বিজেপিৰ নামি – দামী প্ৰচাৰক আহি  বঙাইগাঁৱত প্ৰচাৰ অভিযান অব্যাহত ৰখাৰ সময়ত অগপৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে অকলেই আত্মবিশ্বাসৰে সৈতে দলীয় প্ৰচাৰ চলাই আছে ৷ 

You might also like