নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনৈতিক বিষয়ক লৈ আলোচনা হ’লে আমি বিৰোধী নহয়

🔹 আলফাৰে চুক্তিক লৈ প্রথম প্রতিক্রিয়া পৰেশ বৰুৱাৰ
🔹 আলোচনাপন্থীক লৈ আমি লজ্জিত

ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ ডিচেম্বৰ : নতুন দিল্লীত আলোচনাপন্থী আলফাৰে হোৱা শান্তি চুক্তিখনক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে আলফা (স্বাঃ)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ কালি সংবাদ মাধ্যমলৈ টেলিফোনযোগে প্রতিক্রিয়া প্রকাশ কৰি বৰুৱাই কয় যে এই চুক্তিখনক লৈ আচৰিত হোৱা নাই, বিচলিত হোৱা নাই, ক্ষুব্ধও হোৱা নাই৷ আমি জানোৱেই ইয়াৰ ফলটো কি হ’ব৷ ২০১০ চনৰ পৰাই আমি এই বিষয়ক লৈ কৈ আহিছোঁ৷ এই আলোচনাৰ উদ্যোগ ৰাজ্যখনৰ গণ্যমান্য বুদ্ধিজীৱী আৰু শিক্ষিত সমাজে লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ২০১০ চনত জাতীয় অভিৱর্তন পাতি বর্তমানৰ আলোচনাপন্থী আলফা নেতাসকলক আলোচনালৈ প্রক্ষেপ কৰিছে৷ এতিয়া দেখিছোঁ বিভিন্নজনে শান্তি চুক্তিখনক লৈ কোনোবাই সমালোচনা কৰিছে, কোনোবাই প্রশংসা কৰিছে৷ সমালোচনা–প্রশংসা থাকিবই৷ কিন্তু তাৎপর্যপূর্ণ বিষয় হৈছে সেই সময়ত জনগণে জনা নাছিল যিকেইজন নেতা জে’লৰ পৰা তথাকথিত ব্যৱস্থাৰ মাধ্যমেৰে আহি নীতি–আদর্শক বাদ দি আলোচনাত বহিছিল৷ নীতি–আদর্শ বাদ দিলে ৰাজনীতিৰ সমাধানসূত্র নোলায়৷ নীতি–আদর্শ বাদ দিয়াৰ পিছত ৰাজনৈতিক সমাধানসূত্র নোলোৱাটোৱেই স্বাভাৱিক৷ আমি যেতিয়া আৰম্ভণিৰ পৰা এই কথা কৈ আছিলোঁ, তেতিয়া এজন গণ্যমান্য ব্যক্তিয়ে মোৰ নাম দিছিল বোমা বৰুৱা৷ বৰুৱাই আৰু কয় যে এজন বিপ্লৱীয়ে যেতিয়া লক্ষ্য–উদ্দেশ্য, নীতি–আদর্শ বাদ দিয়ে, তেতিয়া কোনো ৰাজনৈতিক পেকেজ নাপায়, ৰাজনৈতিক সমাধানসূত্র নোলায়৷ পৰহি শশ চৌধুৰীয়ে সুন্দৰকৈ কৈছে– আমি পৰাজিত হৈছোঁ৷ আমাৰ উপায় নাই৷ আমাৰে একালৰ সতীর্থ, অগ্রজ নেতাই কৈছে– সংবিধানৰ গণ্ডীৰ ভিতৰত আলফাৰ ৰাজনৈতিক বিষয়বোৰ আলোচনা কৰাৰ সুযোগ নাই৷ ভাৰতীয় সংবিধানত কি আছে সেইটো নজনাকৈ তেওঁলোকে আলোচনালৈ গৈছিল নেকি বুলি প্রশ্ণ কৰি বৰুৱাই কয় যে তেওঁলোকে সংবিধানৰ গণ্ডীত কথা পাতিম বুলিয়েই আলোচনালৈ গৈছিল৷ তেওঁলোকৰ এনে কার্যত আমি ক্ষুব্ধ নহৈ লজ্জিত হৈছোঁ৷ ভাৰতীয় সংবিধানৰ গণ্ডীত গ’লে সেইটোৱেই হ’ব বুলি স্পষ্ট কৰি দি বৰুৱাই কয় যে আলফাৰ ৰাজনৈতিক বিষয় উত্থাপন কৰিব লাগিলে ভাৰতীয় সংবিধানৰ গণ্ডীৰ বাহিৰত যাব লাগিব৷ এই প্রসংগতে তেওঁ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা কাৰাগাৰৰ পৰা মুক্তি লাভৰ পাছতেই মাঘৰ বিহুৰ সময়ত এদিন টেলিফোনযোগে যোগাযোগ কৰাত ৰাজখোৱাই ওলোটাই তেওঁক কোন হয়, চিনি পোৱা নাই বুলি মন্তব্য কৰাৰ বিষয়হে উল্লেখ কৰে৷ বৰুৱাই পুনৰ কয় যে আলোচনাপন্থী আলফা নেতৃত্বক তেওঁ পূর্বেই আলোচনাৰ মজিয়াত নগাৰ দৰে সম্পদ বিচৰা, সংবিধান বিচৰা, পতাকা বিচৰা, ৰাজনৈতিক অধিকাৰ বিচাৰিবলৈ কৈছিল৷ নগাৰ দৰে সবলভাৱে এনে দাবী উত্থাপন কৰিলে কেতিয়াও জে’ললৈ নিক্ষেপ কৰিব নোৱাৰে৷ তদুপৰি চৰকাৰৰ লগত কৰা আলোচনাত তেওঁলোকে ২০০৩ চনত ভূটানত চলা অল ক্লীয়াৰ অভিযানৰ সময়ত নিৰুদ্দিষ্ট আলফা নেতা আৰু তেওঁলোকৰ পৰিয়ালৰ বিষয়টো উত্থাপন কৰিব লাগিছিল৷ তেওঁলোক মৃত নে জীৱিত, সেই বিষয়ে চৰকাৰক জনাবলৈ বাধ্য কৰাব লাগিছিল৷ কিন্তু তেওঁলোকে নোৱাৰিলে৷ যেতিয়া নীতি নাথাকে, তেতিয়া মানুহৰ সাহসো নাথাকে৷ সেইদৰে পৰহি শান্তি চুক্তি কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পিছফালে আলোচনাপন্থী আলফা নেতাসকলে ফটো উঠা কার্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰি বৰুৱাই কয় যে তেনে কার্যৰ দ্বাৰা তেওঁলোকে জাতিটোক তললৈ নিলে৷ বড়োসকলে, নগাসকলে তেনে কৰা নাছিল৷ এনএছচিএনৰে ফ্রেমৱর্ক এগ্রিমেণ্ট কৰাৰ সময়ত এনএছচিএনৰ অধ্যক্ষ আৰু সাধাৰণ সম্পাদকে সমানে সমানে চকীত বহিছিল আৰু তেওঁলোকক সাবটি ধৰিছিল৷ পৰহি অন্ততঃ অৰবিন্দ ৰাজখোৱা একে শাৰীত থাকিব লাগিছিল৷ পৰহিৰ এই ঘটনাত তেওঁ হূদয়ৰ পৰা আঘাত পাইছে৷ ইপিনে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আলোচনাপন্থী আলফাৰে শান্তি চুক্তি কৰাৰ বিষয়ে তেওঁক অৱগত কৰাৰ কথা স্বীকাৰ কৰি কয় যে মুখ্যমন্ত্রীয়ে এই বিষয়টোত ঘটক–অনুঘটকৰ কাম কৰি আছে৷ তেওঁৰ লগত মুখ্যমন্ত্রীয়ে কথা পতাটো সত্য৷ মুখ্যমন্ত্রীয়ে তেওঁক আলোচনাপন্থী আলফাৰ লগত এখন চুক্তি হ’ব বুলি কৈছিল৷ আনকি সেই চুক্তি আলফাই দিয়া দাবী–চনদৰ আধাৰতে হ’ব আৰু তাত কোনো ৰাজনৈতিক ইছ্যু নাই বুলি জনাইছিল৷ ভাৰত চৰকাৰে আলফাৰ ৰাজনৈতিক ইছ্যু সন্মুখত লৈ আলোচনাৰ আয়োজন কৰিলে আলফা (স্বাঃ) আলোচনাত বহিবলৈ সন্মত হ’ব বুলি স্পষ্ট কৰি দি তেওঁ কয় যে সেই আলোচনাৰ দুৱাৰ আমি মুকলি কৰিব নোৱাৰোঁ৷ আমাক বুৰঞ্জীগতভাৱে ৰাজনৈতিক বিষয়ক লৈ আলোচনা কৰিব বুলি ক’লে আমি আলোচনাবিৰোধী নহয়৷ কিন্তু গঁৰালত সুমুৱাই লৈ আমি আলোচনা কৰাৰো পক্ষপাতী নহয়৷ জানি–শুনি জনগণক, অমৰ মৃতকক, নীতি–আদর্শক প্রতাৰণা কৰিব নোৱাৰোঁ৷ পৰহি আলোচনাপন্থী আলফাৰে হোৱা চুক্তিৰ পাছত দিয়া অর্থনৈতিক পেকেজৰ প্রসংগত বৰুৱাই কয় যে এই পেকেজৰ কোনো মূল্য নাই৷ উন্নয়ন চৰকাৰৰ নীতিয়েই হ’ব লাগে৷ উন্নয়ন কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ৷ তাৰ বাবে সশস্ত্র সংগ্রাম কৰিব নালাগে৷ সেয়া আমাৰ প্রাপ্য৷ ৰাজনৈতিক অধিকাৰ পালে আমি ৰাতিটোৰ ভিতৰতে উন্নয়ন কৰিব পাৰিম৷ এনএছচিএনে আজিও প্রকৃত ৰাজনৈতিক লাইনত আলোচনা কৰি থকাটো উল্লেখ কৰি তেওঁ আৰু কয় যে আমিও বুৰঞ্জীগত ৰাজনৈতিক অধিকাৰৰ লাইনত আলোচনা হোৱাটো বিচাৰোঁ৷

You might also like