নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিদায় ক্ষণত ২০২৩…

বিশেষ বাৰ্তা, ৩১ ডিচেম্বৰ : বিদায় ক্ষণত ২০২৩…। অস্তগামী সূৰুযৰ হেঙুলী ৰহণে আনে নতুন দিনৰ বতৰা। ভাল-বেয়া, ঘাত-প্ৰতিঘাত, প্ৰাপ্তি-অপ্ৰাপ্তিৰ মাজেৰে ২০২৩ বৰ্ষটোক বিদায় দিয়াৰ ক্ষণ আহি পৰিল। সকলো পাহৰি এতিয়া নতুনক আদৰাৰ প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। ২০২৪ বৰ্ষটোৱে সকলোলৈ কঢ়িয়াই আনক আনন্দ, সুখ-সমৃদ্ধি। নৱ সূৰুযৰ ন কিৰণে সকলোৰে জীৱন পোহৰাই তোলক। ‘নিয়মীয়া বাৰ্তা’ৰ পৰিয়ালৰ ফালৰ পৰা সকলোলৈ আগন্তুক নৱবৰ্ষৰ শুভকামনা জনালোঁ।

You might also like