নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত প্ৰতি সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে হ’ব লকডাউন

নিয়মীয়া বাৰ্তা, ২৬ জুনঃ ভয়াৱহভাৱে ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধিৰ ফলত গুৱাহাটী মহানগৰী সামাজিক সংক্রমণৰ দিশে গতি কৰাৰ আশংকাক লৈ স্বাস্থ্য বিভাগৰ লগতে ৰাজ্য চৰকাৰো উদ্বিগ্ন হৈ পৰিছে৷

আজি এনএইচএমৰ কাৰ্যালয়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰে ।

লগতে আজি সন্ধিয়াৰে পৰা বলবৎ হোৱাকৈ সমগ্ৰ ৰাজ্যত প্ৰতিদিনাই সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্য আইন বলবৎ কৰাৰ কথা ঘোষণা কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

ইপিনে সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে ৰাজ্যত সাপ্তাহিক লকডাউন নামকৰণেৰে এক লকডাউন প্ৰযোজ্য হ’ব ।

You might also like