নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজলগাঁৱত ৪ জন ক’ভিড-১৯ প’জিটিভৰ চিকিৎসালয় চৌহদৰ পৰা পলায়ন 

নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই থকাৰ সময়তে  চিৰাং জিলাৰ সদৰ কাজলগাঁৱত চিকিৎসালয় চৌহদৰ পৰা ৪ জন ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত ব্যক্তি পলায়ন কৰা কাৰ্যত চিকিৎসালয়খনৰ কৰ্তৃপক্ষ বিমোৰত পৰে।

কালি কাজলগাঁওস্থিত  জে এছ বি অসামৰিক চিকিৎসালয়ত নিজকে বঙাইগাঁও শোধনাগাৰৰ  নিৰ্মাণ বিভাগৰ কৰ্মচাৰী(!) বুলি পৰিচয় দি চিকিৎসালয়খনত ক’ভিড পৰীক্ষা কৰাৰ অন্তত চাৰিওজন কৰ্মচাৰীৰ(নিৰ্মাণ শ্ৰমিক) দেহত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰিছিল । চিকিৎসকে লোক চাৰিজনক ক্ষন্তেক সময় বহিবলৈ দি যাৱতীয় প্ৰক্ৰিয়া সম্পাদন কৰি থকাৰ সময়তে ৰোগী চাৰিজনে চেগ বুজি চিকিৎসালয় খনৰ চৌহদৰ পৰা পলায়ন কৰে ।

জে এছ বি অসামৰিক চিকিৎসালয়ৰ প্ৰশাসক গৌতম মহিলাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে ক’ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱাৰ পিছত পলায়ন কৰা ৰোগীসকলৰ নাম ক্ৰমে সৰ্বেশ্বৰ মাহাতো (২৫), বাসুদেৱ মাহাতো (২৬), মদন মাহাতো (৪১) আৰু একতাৰা মল্লিক শ্বেখ (৪৭) বুলি জানিবলৈ দিয়ে।

তেওঁলোকৰ প্ৰকৃত ঘৰ পশ্চিমবংগত যদিও বঙাইগাঁও শোধনাগাৰত নিৰ্মাণ শ্ৰমিক হিচাপে  কাম কৰিব বুলি জনাইছিল। লক্ষণীয়ভাৱে ক’ভিড -১৯ পজিটিভ বুলি জানিব পাৰি পলায়ন কৰা লোককেইজনে দিয়া মোবাইল নম্বৰত ফোন কৰাৰ পিছতো লোক কেইজনে ফোনত সঁহাৰি নজনোৱাত চিকিৎসালয় কৰ্তৃপক্ষ বিমোৰত পৰে।

জে এছ বি অসামৰিক চিকিৎসালয়ৰ ক’ভিড বিভাগৰ চিকিৎসক এমএম আহমেদে  এই  সন্দৰ্ভত ঢালিগাঁও থানাত বিষয়টো অৱগত কৰিছে । চাৰিজনকৈ ক’ভিড ৰোগীৰ পলায়ন কৰা ঘটনাই জিলা স্বাস্থ্য বিভাগত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঢালিগাঁও আৰক্ষীয়ে পলায়ন কৰা লোক কেইজনক বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

শেহতীয়াকৈ লাভ কৰা তথ্য মতে বহিঃৰাজ্যৰ পৰা শোধনাগাৰটোত নিৰ্মাণ শ্ৰমিক হিচাপে কামৰ সন্ধানত অহা ব্যক্তি কেইজনক শোধনাগাৰত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ দাখিল কৰিবলৈ ক’ভিড-১৯ পৰীক্ষাৰ ৰিপ’ৰ্ট দাখিল কৰাৰ বাবে কালি জে এছ বি অসামৰিক চিকিৎসালয়লৈ গৈছিল।

অৱশ্যে পলায়ন কৰা ব্যক্তিকেইজনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বেংতলগেটত সন্ধান লাভ কৰিবলৈ আৰক্ষী সক্ষম হয়। শ্ৰমিক ৪ জনক কামলৈ অনা স্থানীয় ঠিকাদাৰ এজনে নিজৰ জিম্মাত হোম কোৱাৰেন্টাইনত ৰখা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে।।

You might also like