নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ–পূবৰ প্রাকৃতিক সৌন্দর্য দেশৰ অলংকাৰ

ডেষ্টিনেচন নর্থ–ইষ্ট ২০২০ উদ্বোধন অমিত শ্বাহৰ

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   উত্তৰ–পূর্বাঞ্চলৰ পর্যটন, সংস্কৃতি আৰু বাণিজ্যৰ উত্তৰণৰ লক্ষ্যৰে আজিৰ পৰা চাৰিদিনীয়াকৈ আয়োজন কৰা হৈছে ডেষ্টিনেচন নর্থ–ইষ্ট ২০২০৷ বিশ্ব পর্যটন দিৱসৰ সৈতে সংগতি ৰাখি দেওবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে এই চাৰিদিনীয়া মহোৎসৱ ভিডিঅ’ কনফাৰেঞ্চিংযোগে উদ্বোধন কৰে৷ ভিডিঅ’ কনফাৰেঞ্চিঙত ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙৰ লগতে অসম, অৰুণাচল প্রদেশ, মণিপুৰ, মেঘালয়, ত্রিপুৰা, নাগালেণ্ড আৰু ছিকিমৰ মুখ্যমন্ত্রীসকলেও অংশগ্রহণ কৰে৷ ‘মই দেশ–বিদেশৰ বহু অঞ্চল ভ্রমণ কৰিছোঁ৷ বহুতো পর্যটনস্থলীলৈ গৈছোঁ৷ কিন্তু উত্তৰ–পূবৰ দৰে প্রাকৃতিক সৌন্দর্য মই আন ক’তো দেখা বুলি ক’ব নোৱাৰোঁ৷’ –উদ্বোধনী ভাষণত অমিত শ্বাহে কয়৷ গৃহমন্ত্রীগৰাকীয়ে লগতে কয় যে অঞ্চলটোৰ জনসাধাৰণে প্রাচুর্যময় আৰু বৈচিত্র্যপূর্ণ ভাষা, পৰম্পৰা আৰু সংস্কৃতিক বিভিন্ন প্রত্যাহ্বান সত্ত্বেও ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম হৈছে৷ উত্তৰ–পূর্বাঞ্চল খুব সোনকালে অন্যতম শ্রেষ্ঠ পর্যটনস্থলীত পৰিণত হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ অমিত শ্বাহে কয়– ‘উত্তৰ–পূবৰ প্রাকৃতিক সৌন্দর্য হ’ল দেশৰ অলংকাৰ৷ উত্তৰ–পূবৰ সংস্কৃতিক বাদ দি দেশৰ সংস্কৃতি কেতিয়াও সম্পূর্ণ হ’ব নোৱাৰে৷’ পৰৱর্তী ডেষ্টিনেচন নর্থ–ইষ্ট তেওঁৰ নিজা সমষ্টি গুজৰাটৰ গান্ধীনগৰত আয়োজন কৰিবলৈ আগ্রহ প্রকাশ কৰে শ্বাহে৷ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা এক্ট ইষ্ট পলিচীৰ জৰিয়তে বাণিজ্য আৰু পর্যটনৰ ক্ষেত্রত উত্তৰ–পূবক সংযোগ কৰাৰ যথেষ্ট অৱকাশ আছে বুলিও দোহাৰে অমিত শ্বাহে৷

You might also like