নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূৰ্বতকৈ অধিক কিয় ভয়াৱহ এইবাৰৰ ক’ভিড?

নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ  পূৰ্বতকৈ অধিক ভয়াৱহ ডাবল মিউটেণ্ট ক’ভিড। যাৰ ফলত অসমতো পৰিস্থিতি জটিল হোৱাৰ আশংকা কৰা হৈছে।

স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়—চিকিৎসকে মোক জনাইছে যে আগতে ‘lungs’-ত সংক্ৰমণ হ’বলৈ ছয়-সাতদিন লাগিছিল। কিন্তু এইবাৰ দ্বিতীয় দিনতে ‘lungs’ আক্ৰান্ত হয়।

এইবাৰ ক’ভিডৰ সংক্ৰমণৰ হাৰো দ্ৰুত বুলি তেওঁ সাংবাদিকক জানিবলৈ দিয়ে।

অৱশ্যে অসমত এতিয়াও মৃত্যুৰ হাৰ নিম্ন বুলি প্ৰকাশ কৰে ড০ শৰ্মাই। কিয়নো বৰ্তমানেও ৰাজ্যখনত ৰোগীৰ সংখ্যা কম হৈ আছে। ৰাজ্যৰ পৰিস্থিতি যাতে জটিল নহয় তাৰ বাবে পূৰ্ণ প্ৰসত্তুতি চলোৱা হৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে।

You might also like