নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈত পুনৰ ওলাইছে ক’ৰোনা আক্ৰান্ত

 নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ আমচৈ ৰাজ্যিক চিকিৎসালয় সূত্ৰে জানিব পৰা মতে আজি ২৩ এপ্ৰিলত আমচৈ অঞ্চলত পুনৰ ওলাইছে ক’ৰোনা আক্ৰান্ত । ইয়াৰ ভিতৰত বেলতলা গাঁৱত তিনি গৰাকী, আমচৈ চাহ বাগিচাত এজন, চহৰী গাঁৱত এজন, ডালিমবাৰীত দুজন, গছ পৰা গাঁৱত তিনিজন আৰু হাটবৰত দুজন । এই সকলো আক্ৰান্তক সামৰি আজিলৈকে আমচৈ অঞ্চলত ক’ৰোনা আক্ৰান্তৰ সংখ্যা ২১জনলৈ বৃদ্ধি পালে । নগাঁও জিলা স্বাস্হ্য বিভাগে আজি আমচৈ চাহ বাগিচাত বিশেষ ক’ৰোনা পৰীক্ষা শিবিৰ পাতি আমচৈ চাহ বাগিচাৰ মুঠ ১৯০ জনৰ পৰীক্ষা কৰে যদিও মাত্ৰ এজনহে ক’ৰোনা আক্ৰান্ত ওলায় ।

You might also like