নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত কৰোনা ৰোগীৰ বাবে VIRAFINৰ জৰুৰী প্ৰয়োগৰ অনুমতি

নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ ভাৰতৰ ড্ৰাগ নিয়ন্ত্ৰক জেনেৰেলে (DGCI) শুকুৰবাৰে কৰোনাভাইৰাছ ৰোগীসকলৰ চিকিৎসা ত্বৰান্বিত কৰিবলৈ জিডাছ কেডিলাৰ ঔষধ ভিৰাফিন ( VIRAFIN) ৰ জৰুৰী কালীন ব্যৱহাৰত অনুমোদন জনাইছে। এই ঔষধটো 18 বছৰৰ অধিক বয়সৰ ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰিব পাৰিব।

কোম্পানীটোৱে দাবী কৰিছে যে ঔষধ গ্ৰহণ কৰাৰ পিছত 7 দিনত 91.15 শতাংশ কৰোনা ৰোগী আৰটি-পিচিআৰ পৰীক্ষা পজিটিভিৰ পৰা নিগেটিভ হৈছিল। ইয়াৰ ব্যৱহাৰে কৰোনা ৰোগীসকলক দ্ৰুততাৰে আৰোগ্য হোৱাত সহায় কৰে। লগতে দাবী কৰে যে, Pegylated Interferon Alpha 2b (Verifin) ড্ৰাগ ১৮ বছৰৰ অধিক কোৰোণাত আক্ৰান্ত সাধাৰণ লক্ষণ থকা ৰোগীৰ বাবে অতি ফলপ্ৰসূ হৈছে।

উল্লেখ্য যে ঔষধটো ডাক্তৰৰ পৰামৰ্শমতেই ৰোগীয়েই ব্যৱহাৰ কৰিব পাৰিব।

এই ঔষধটো ভাৰতৰ ২৫ টা কেন্দ্ৰত ২৫০ জন ৰোগীৰ ওপৰত পৰীক্ষা কৰোৱা হৈছিল। পৰীক্ষাৰ সময়ত দেখা গৈছিল যে যি সকল ৰোগীৰ অক্সিজেনৰ পৰিমাণ কম হৈছিল সেই সকল ৰোগীৰো অক্সিজেন স্তৰ নিয়ন্ত্ৰণ হৈছিল।

You might also like