নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত বনৰীয়া হাতীৰ সন্ত্ৰাস, দুজনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ১৫ মে’ : নগাঁও জিলাৰ চামগুৰিত পুনৰ সৃষ্টি হৈছে আতংকময় পৰিস্থিতি। বন্যহস্তীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, বন্যহস্তীৰ আক্ৰমণত বাজিয়াগাঁৱৰ ছৰিফুল ইছলাম নিহত হয়। পাচলি খেতিত পুৱাৰ ভাগত কাম কৰি থকা অৱস্থাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় ছৰিফুল ইছলাম। আনহাতে, বন্যহস্তী খেদিবলৈ যোৱা প্ৰণৱ দাসকো আক্ৰমণ কৰে বন্যহস্তীয়ে আৰু পাছত তেওঁৰ চিকিৎসালয়ত মৃত্যু হয়।

ইফালে, চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ বৃদ্ধি পোৱাত স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চামগুৰিৰ কেইবাখনো ব্যক্তিগত বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ পাছত বন বিভাগ আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰে। ইপিনে, মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। স্থানীয় ৰাইজে শীঘ্ৰে স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

You might also like