নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছ হেপীনেছ-প্ৰত্যাশাৰ উদ্যোগত চিত্ৰাংকন প্ৰতিযোগিতা

গুৱাহাটী, ১৪ জুলাই : বজালী জিলাৰ বাঘমাৰাস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনত ১২ জুলাই তাৰিখে এছ হেপীনেছ-প্ৰত্যাশাৰ উদ্যোগত আৰু আৰ্ট একাডেমীৰ সহযোগত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

প্ৰতিযোগিতাখনত প্ৰায় ৪০গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে অভিভাৱক-শিক্ষাৰ্থীসকলক উদ্দেশ্যি আদৰণী ভাষণ দিয়ে আৰ্ট একাডেমীৰ অধ্যক্ষ জ্যোতিষ দাসে । তেওঁৰ ভাষণৰ পিছতেই এছ হেপীনেছ-প্ৰত্যাশাৰ প্ৰতিষ্ঠাপক-সাংবাদিক প্ৰদীপ গগৈক এখন গামোচাৰে আদৰণি জনায় আৰ্ট একাডেমীৰ সদস্যই। ইয়াৰ পিছতেই ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে চিনা পৰিচয় হয় প্ৰদীপ গগৈৰ। প্ৰতিযোগিতাখনত বিচাৰক আৰু সহযোগী হিচাপে উপস্থিত আছিল উদ্যোগী, সমাজ সচেতন ব্যক্তি বিদ্যুৎ পাটগিৰি আৰু শিক্ষয়িত্ৰী দীপশিখা দাস ।

প্ৰতিযোগিতাখন দুটা শাখাত অনুষ্ঠিত হৈছিল । “ক” শাখা- প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ, “খ” শাখা- ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ । “ক” শাখাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে বাঘমাৰা শংকৰদেৱ শিশু নিকেতনৰ পঞ্চম মানৰ শিক্ষাৰ্থী নিবিড় জ্যোতি দাসে । দ্বিতীয় পুৰস্কাৰ লাভ কৰে ১০৪৮নং পূব কঠালমূৰী প্ৰাথমিক বিদ্যায়লৰ শিক্ষাৰ্থী ফাৰ্টিম আলীয়ে। তৃতীয় পুৰস্কাৰ লাভ কৰে খ্ৰীষ্টজ্যোতি স্কুলৰ শিক্ষাৰ্থী চেলেষ্টিয়া কাশ্যপৰ। “ক” শাখাত দুজনে নিচুকনি বঁটা লাভ কৰে। তেওঁলোক ক্ৰমে শংকৰদেৱ শিশু নিকেতন বাঘমাৰাৰ শিক্ষাৰ্থী দৃষ্টি দাস আৰু প্ৰিয়াংশু দাস ।

“খ” শাখাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে পাঠশালা শিক্ষাপীঠৰ ভাস্বতী কলিতাই । দ্বিতীয় পুৰস্কাৰ লাভ কৰে পশ্চিম খাগ্ৰাবাৰী এম ই স্কুলৰ শিক্ষাৰ্থী প্ৰিয়া দাসে। তৃতীয় পুৰস্কাৰ লাভ কৰে খ্ৰীষ্টজ্যোতি স্কুলৰ জীয়ামণি দাসে। নিচুকনি বঁটা লাভ কৰে বাঘমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থী নিপন দাসে। প্ৰতিযোগিতাৰ শেষত বঁটা বিতৰণৰ লগতে এছ হেপীনেছ-প্ৰত্যাশাৰ পৰা জ্যোতিষ দাস, দীপশিখা দাস, বিদ্যুৎ পাটগিৰিক গামোচাৰে মৰম যাচে প্ৰত্যাশাৰ সদস্যাই ।

You might also like