নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটাভাতাত কাম কৰি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ষ্টাৰ মাৰ্কসহ উত্তীৰ্ণ ৰূপহীহাটৰ ছাদিকুল

নিয়মীয়া বাৰ্তা, ৩০-জুনঃ দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হব নোৱাৰে তাৰেই প্ৰমাণ কৰি দেখুৱালে ৰূপহীহাটৰ এগৰাকী দৰিদ্ৰ ঘৰৰ মেধাৱী ছাত্ৰই। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এটা বিষয়ত ষ্টাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলতে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰূপহীহাটৰ হাতিপাৰাৰ নগৰানি গাঁৱৰ ছাদিকুল ইছলাম নামৰ এজন মেধাৱী ছাত্ৰই বিদ্যালয় বন্ধৰ দিনা ইটাভাতাত কাম কৰি নিজৰ পঢ়াৰ খৰচ উলিয়াইছিল। অতি কষ্টৰ মাজেৰে দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাদিকুলে চলাই গৈছিল নিজৰ সাধনা। দুখীয়া দৰিদ্ৰ মেধাৱী ছাত্ৰ ছাদিকুল ইছলামে ভবিষ্যতে এগৰাকী আইএএছ অফিচাৰ হোৱাৰ সপোন। কিন্তু দৰিদ্ৰতাৰ বাবেই মেধাৱী ছাত্ৰ জনে আধাতেই থমকীৰৱলগীয়া হৈছে লিখা পঢ়া। এই ক্ষেত্ৰত স্থানীয় বিধায়ক নুৰুল হুদাৰ লগতে শিক্ষামন্ত্ৰী, আৰু মুখ্যমন্ত্ৰীলৈ পিতৃ-মাতৃৰ কাতৰ আহ্বান মেধাৱী ছাত্ৰ ছাদিকুলক অলপ সহায় কৰিলে মনত পুহি ৰখা সপোন বাস্তৱত ৰূপান্তৰিত কৰিবলৈ সক্ষম হব ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like