নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বানৰ পিছৰ অৱস্থাঃ ৰঙিয়াত এতিয়া পথাৰে পথাৰে বানে পেলোৱা মাথোঁ বালি আৰু বালি

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ বানে ধোৱা ৰঙিয়াৰ বগৰীবাৰীৰ খেতিপথাৰত এতিয়া মৰুভূমিসদৃশ পৰিবেশ । প্ৰলয়ংকৰী বানত পোত গৈছে কৃষিভূমি । ইয়াৰ ফলত হাজাৰ হাজাৰ বিঘা মাটিৰ শস্য বিনষ্ট হৈছে । যাৰ বাবে মূৰে-কপালে হাত দিব লগা হৈছে দুৰ্ভগীয়া কৃষকসকলে । কৃষি প্ৰধান বৃহত্তৰ অঞ্চলটোৰ অধিকাংশ লোকে জীৱিকাৰ পথ হেৰুৱাই হাহাকাৰ কৰিব লগা হৈছে । প্ৰায় ৫-৬ ফুট বালি মাটিৰে পোত যোৱা এই কৃষিভূমিত অনাগত ১০-১২ বছৰলৈ খেতিয়ক সকলে কৃষি কাৰ্য্য কৰিব নোৱাৰিব । জীৱিকা হেৰুওৱা এইসকল ভুক্তভোগী খেতিয়কে ক্ষতিপূৰণ আৰু সাহাৰ্যৰ দাবী জনাইছে চৰকাৰৰ ওচৰত ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like