নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ দিনৰ ভিতৰত ঘোষণা হ’ব বিটিচি নির্বাচনৰ সূচী

হাইক’টত নির্বাচন আয়োগৰ শপতনামা

নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সময়িকভাৱে স্থগিত ৰখা বিটিচি নির্বাচন শীঘ্রেই অনুষ্ঠিত হ’ব৷ অহা ১৫ দিনৰ ভিতৰতে ভোটগ্রহণৰ সময়সূচী ঘোষণা কৰিব ৰাজ্যিক নির্বাচন আয়োগে৷ আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত এক শপতনামাযোগে এই কথা সদৰী কৰিছে আয়োগে৷ এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানিত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি ক’ভিড–১৯ প্রট’কল মানি নির্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো পক্ষৰ সৈতে আলোচনাৰ অন্তত এই পদক্ষেপ গ্রহণ কৰিছে নির্বাচন আয়োগে৷ উল্লেখ্য যে বিটিচিত নির্বাচন অনুষ্ঠিত কৰাৰ বাবে যোৱা ১১ মার্চত ৰাজ্যিক নির্বাচন আয়োগে অধিসূচনা জাৰি কৰিছিল৷ ৪ এপ্রিলত ভোটগ্রহণৰ দিন ধার্য কৰা হৈছিল৷ সমান্তৰালভাৱে মনোনয়ন–পত্র দাখিলৰ প্রক্রিয়াও সম্পন্ন হৈছিল৷ কিন্তু ক’ভিড–১৯ৰ সংক্রমণে ৰাজ্যত গুৰুতৰ ৰূপ ধাৰণ কৰাত বিটিচি নির্বাচন সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে আয়োগে৷ ইফালে বি পি এফ চৰকাৰৰ কার্যকাল অন্ত পৰাত বি টি এ ডিত ছমাহৰ বাবে ৰাজ্যপালৰ শাসন জাৰি কৰা হৈছিল৷ ইতিমধ্যে ৰাজ্যপালৰ শাসনৰ ম্যাদ অন্ত পৰাত পুনৰ ম্যাদ বৃদ্ধি কৰা হৈছে৷ সমান্তৰালভাৱে ক’ভিড–১৯ৰ পৰিৱেশৰ মাজতে বিহাৰত নির্বাচনৰ দিন ঘোষণা কৰা হয়৷ একেদৰে কেইবাখনো ৰাজ্যত অনুষ্ঠিত হয় স্থানীয় নিগম–নিকায়ৰ নির্বাচন৷ যাৰ পৰিপ্রেক্ষিতত বিটিচি নির্বাচন অনুষ্ঠিত কৰাৰ নির্দেশ দিয়াৰ প্রার্থনাৰে দ্য পিপলছ জইণ্ট একচন কমিটী ফ’ৰ বড়োলেণ্ড মুভমেণ্ট নামৰ সংগঠনটোৱে উচ্চ ন্যায়ালয়ত ৫৯/২০২০ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰে৷ এই আবেদনখনৰ শুনানিৰ সময়তে ৰাজ্যিক নির্বাচন আয়োগৰ অধিবক্তাই এপষেকৰ ভিতৰত নির্বাচনৰ সময়সূচী ঘোষণা কৰিব বুলি শপতনামাযোগে অৱগত কৰে৷ একে সময়তে গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন অহা ২০ নৱেম্বৰ ধার্য কৰে আদালতে৷ পৰৱর্তী শুনানিৰ পূর্বে ৰাজ্যিক নির্বাচন আয়োগে ভোটগ্রহণৰ বাবে যাৱতীয় নির্দেশনা জাৰি কৰিব বুলি ন্যায়ালয়ে আশা প্রকাশ কৰে৷ ১৫ দিনৰ ভিতৰত আয়োগে ভোটগ্রহণৰ দিন ঘোষণা কৰাত ব্যর্থ হ’লে পৰৱর্তী শুনানিত যথোচিত নির্দেশনা জাৰি কৰিব বুলি স্পষ্ট কৰি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

You might also like