নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডুবাইত আজি আই পি এলৰ খিতাপ যুঁজৰ মেচঃ ফেভাৰিট মুম্বাইৰ সন্মুখত আত্মবিশ্বাসী দিল্লী

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ক’ৰোনাৰ আতংকৰ মাজতে সংযুক্ত আৰব আমীৰ শ্বাহীত চলি থকা ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ ত্রয়োদশ সংস্কৰণটোৰ ফাইনেল মেচখন আজি ডুবাইত অনুষ্ঠিত হ’ব৷ খিতাপ যুঁজৰ এই মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং তথা চাৰিবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু প্রথমবাৰৰ বাবে আই পি এলৰ ফাইনেলত প্রৱেশ কৰা দিল্লী কেপিটেলছে৷

আজিৰ এই খিতাপ যুঁজৰ মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন মুম্বাই ইণ্ডিয়ানছকে ফেভাৰিট হিচাপে আখ্যা দিয়া হৈছে৷ অভিজ্ঞতাৰ ফালৰ পৰা মুম্বাই দলটো খিতাপ দখলৰ প্রবল দাবীদাৰ যদিও ৰোহিত বাহিনীৰ এই স্বপ্নত হেঙাৰস্বৰূপে থিয় দিয়াৰ পূর্ণ সম্ভাৱনা আছে নৱাগত খেলুৱৈৰে সমৃদ্ধ দিল্লী কেপিটেলছে৷

 আজিৰ ফাইনেল মেচখন সন্দর্ভত মুম্বাই দলটোৰ অধিনায়ক ৰোহিত শর্মাই কয় যে পঞ্চমবাৰৰ বাবে মুম্বাই দলটোক চেম্পিয়নৰ সোৱাদ দিয়াই তেওঁলোকৰ প্রধান লক্ষ্য৷ অৱশ্যে দিল্লীৰ পৰা মেচখনত কঠিন প্রত্যাহ্বান পোৱাটো খাটাং৷ কিয়নো, দেওবাৰে নিশা হায়দৰাবাদক পৰাস্ত কৰি দলটোৰ আত্মবিশ্বাস তুংগত আছে৷ মেচখনত আমি জয়লাভ কৰিবলৈ হ’লে শিখৰ ধাৱনক প্রথমেই পেভিলিয়নৰ পথ দেখুৱাব লাগিব৷

ইফালে, আজিৰ এই খিতাপ যুঁজৰ মেচখনক লৈ আত্মবিশ্বাসী শ্রেয়াছ আয়াৰ বাহিনী৷ প্রথমবাৰৰ বাবে দিল্লীক আই পি এলৰ খিতাপ জয়ৰ সোৱাদ দিব পাৰিব বুলি আশাবাদী শ্রেয়াছ৷
খেলৰ সময়ঃ সন্ধিয়া ৭.৩০ বজা৷

You might also like