ডুমডুমাৰ ৰাইডাং চাহ বাগিচাত বাঘৰ আক্ৰমণত এগৰাকী মহিলা চাহ শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, চাহ বাগিচাখনত কাম কৰি থকাৰ সময়তে বাঘে আক্ৰমণ কৰে মীৰা গজিন নামৰ মহিলাগৰাকীক। আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা মহিলাগৰাকীক তৎক্ষণাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ডুমডুমা এফ আৰ ইউ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁ চিকিৎসাধীন অৱস্থাত আছে।
উল্লেখযোগ্য যে বিগত বহুদিন ধৰি অঞ্চলটোত বাঘে সন্ত্ৰাস চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে চাহ শ্ৰমিকসকলৰ লগতে আটছাৰ নেতৃত্বই। চাহ বাগিচাৰ কৰ্তৃপক্ষই বিষয়টো গুৰুত্বসহকাৰে নোলোৱাৰ ফলতেই এনে ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰা হৈছে।
ইফালে, চাহ বাগিচাখনৰ শ্ৰমিকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত ৰাইজে ফেক্টৰীৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাটোক লৈ অঞ্চলটোত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হোৱা দেখা গৈছে।
ডিজিটেল ডেস্ক, ১১ এপ্ৰিল