নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশবাণীৰ ঘোষিকা জুৰি শৰ্মাৰ দেহাৱসান

আকাশবাণীৰ জ্যেষ্ঠ ঘোষিকা জুৰি শৰ্মাৰ দেহাৱসান ঘটিছে। তেওঁৰ মৃত্যুৰ খবৰ পোহৰলৈ অহাৰ পিছতেই আকাশবাণী মহল তথা শুভানুধ্যায়ীৰ মাজত শোকৰ ছাঁ নামি আহিছে।

দীৰ্ঘদিন ধৰি আকাশবাণীৰ সৈতে জড়িত হৈ থকা জুৰি শৰ্মাই নিজৰ সুন্দৰ কণ্ঠ আৰু দক্ষ উপস্থাপনৰ জৰিয়তে বহু বছৰ ধৰি শ্ৰোতাসকলৰ মাজত বিশেষ স্থান লাভ কৰিছিল। তেওঁৰ কণ্ঠৰ জৰিয়তে আকাশবাণীৰ বহু অনুষ্ঠান জনপ্ৰিয়তা লাভ কৰিছিল।

তেওঁৰ দেহাৱসানত আকাশবাণী পৰিয়ালৰ লগতে বিভিন্ন মহলৰ লোকসকলে গভীৰ শোক প্ৰকাশ কৰিছে। লগতে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰা হৈছে।

ডিজিটেল ডেস্ক, ১১ এপ্ৰিল

You might also like