নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ৰাম্য অৰ্থনীতিত শক্তিশালী ভূমিকা ঢকুৱাখনাৰ মহিলা মুগাপালকৰ

🔹 মুগাপালনেৰে স্বাৱলম্বী সহস্ৰাধিক মহিলা

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : আহুখেতি আহুকাল, মুগা খেতিৰ কঁপাল ভাল ৷ অসমীয়া এই আপ্ত বাক্যশাৰী আখৰে আখৰে ফলিয়াইছে অসমৰ অৰ্থনীতিৰ গৌৰৱ মুগা শিল্পৰ অন্যতম প্ৰাণকেন্দ্ৰ ঢকুৱাখনাত। সোণালী সূতাৰ দেশ হিচাপে খ্যাত, ৰেচম শিল্পত চহকী ঢকুৱাখনাৰ শ শ পৰিয়ালে অতীজৰে পৰা মুগা পালনত জড়িত হৈ নিজকে স্বাৱলম্বী কৰি তোলাই নহয়, টনকিয়াল কৰি আহিছে ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি। অতীজৰে পৰাই ঢকুৱাখনাৰ বহু লোকে মুগা পালনক বৃত্তি হিচাপে গ্ৰহণ কৰি প্ৰাচীন পৰম্পৰা ধৰি ৰখাৰ লগতে নিজৰ পৰিয়ালক আৰ্থিক দিশটো টনকিয়াল কৰি আহিছে। যি মুগাশিল্পক লৈ অসমৰ অহংকাৰ হয়, যি মুগাক লৈ অসমে গৌৰৱ কৰে, সেই মুগা শিল্পৰ দ্বাৰা ঢকুৱাখনাৰ সহস্ৰাধিক কৰ্মোদ্যমী মহিলাই দেখিছে স্বাৱলম্বিতাৰ সপোন ৷ মুগা পালনকে জীৱিকাৰ উৎস হিচাপে লৈ এইসকল মহিলাই উজ্জীৱিত কৰিছে ৰেচম বিপ্লৱক। ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ মুগা চোমনিসমূহত এতিয়া দেখা গৈছে একাংশ মহিলাৰ ভীষণ ব্যস্ততা। পুৰুষৰ সমানে সমানে মহিলাসকলেও হাতে হাতে ধনু-কাঁড়, বাটলু গুটি লৈ পুৱাৰ পৰা সন্ধিয়ালৈকে অন্তহীন ব্যস্ততাৰে সময় পাৰ কৰিছে মুগা চোমনিত ৷ বছৰ বছৰ ধৰি ধাৰাবাহিকভাৱে এইসকল মহিলাই ঘৰুৱা দায়িত্ব পালনৰ সমান্তৰালকৈ মুগা পালনৰ জৰিয়তে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

মুগা পালনৰ বৃত্তিৰ লগত লগত জড়িত ঢকুৱাখনাৰ হাজাৰৰো অধিক মহিলাই কেৱল মুগা পালন কৰায়ে নহয়, উৎপাদিত মুগা সূতাৰে ঘৰৰ তাঁতশালত ন ন বস্ত্ৰ তৈয়াৰ কৰি সেইবিলাক বজাৰত বিক্ৰী কৰি আৰ্থিকভাৱেও স্বাৱলম্বী হৈ পৰিছে। উল্লেখ্য যে  পূৰ্বৰ তুলনাত দেশৰ লগতে বিদেশতো অসমৰ সোণালী সূতাৰ কাপোৰৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱাত অসমৰ অতি আপুৰুগীয়া আৰু প্ৰাচীন কৃষিভিত্তিক গ্ৰাম্য উদ্যোগটোৰ প্ৰতিও মহিলাসকলৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মুগা পালনেৰে প্ৰচুৰভাৱে লাভৱান্বিত হোৱাৰ লগতে আত্মনিৰ্ভৰশীলতাৰ অনুকৰণীয় দৃষ্টান্ত দেখুৱাবলৈ সক্ষম হোৱা ঢকুৱাখনাৰ এইসকল মহিলা মুগাপালকে কিন্তু আজিলৈকে চৰকাৰ তথা বিয়াগোম ৰেচম বিভাগৰ পৰা লাভ কৰা নাই কোনোধৰণৰ আৰ্থিক সাহায্য অথবা দিহা-পৰামৰ্শ। চৰকাৰৰ সংশ্লিষ্ট বিভাগে এইসকল মহিলা মুগা খেতিয়কক গুৰুত্ব দিলে আগন্তুক দিনত মুগা শিল্পৰ উদ্যোগটো অধিক টনকিয়াল হ’ব আৰু বহু পৰিয়ালৰ মুখত নিশ্চিতভাৱে হাঁহি বিৰিঙি উঠিব।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like