নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টুপামাৰীত জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক

নিয়মীয়া বাৰ্তা,  ১৮ মে’ : কামৰূপৰ ২৭নং ছমৰীয়া সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ টুপামাৰীত এখন জৰাজীৰ্ণ কাঠৰ দলঙে যাতায়াতত নৰক যন্ত্ৰণা ভোগাই আহিছে ৰাইজক | ২নং টুপামাৰীৰ পৰা ৰাংগাপানীলৈ যোৱা সদা ব্যস্ত পথটিত থকা এখন কাঠৰ দলং মেৰামতিৰ অভাৱত জহি-খহি যাবলৈ ধৰিছে। বিভাগীয় কৰ্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াত অঞ্চলটোৰ সচেতন ৰাইজ ক্ষোভিত হৈ পৰিছে। দলংখনেৰে নিতৌ পথচাৰী তথা শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মৰণত শৰণ দি যাতায়াত কৰিবলগীয়া হৈছে। মজে-সময়ে দলংখনত সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ থাকে। মেৰামতিৰ অভাৱত যমৰ যাতনা ভুগিছে পথচাৰীসকলে। অঞ্চলটোৰ সচেতন ৰাইজে দলংখন মেৰামতি কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক বহু আবেদন-নিবেদন কৰিছে যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। ৰাইজে কৰা অভিযোগ মতে, বছৰ দিন পূৰ্বে গাঁও পঞ্চায়তৰ পৰা তিনি লাখ টকাৰে দলংখন মেৰামতি কৰা হৈছিল যদিও নিম্নমানৰ কামৰ বাবেই পুনৰ দলংখন জৰাজীৰ্ণ হৈ পৰিছে। শীঘ্ৰে দলংখন মেৰামতিৰ নামত হোৱা দুৰ্নীতিৰ তদন্ত কৰি বিভাগীয় কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে যাতায়াত সুচল কৰি দিয়াৰ দাবী জনাইছে অঞ্চলবাসী ৰাইজে |

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like