নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দদৰা-পছৰীয়াত গ্ৰীন অস্কাৰ গল্ভ বঁটা বিজয়ীক বিপুল সম্বৰ্ধনা

বিশেষ বাৰ্তা, ১৮  মে’ : কামৰূপ জিলাৰ দদৰা, পছৰীয়া, শিঙিমাৰীৰ লগতে মৰিগাঁও, নগাঁও আৰু শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত বৰ্তমান দুষ্প্ৰাপ্যপ্ৰায় হাড়গিলা সংৰক্ষণ আৰু সংবৰ্ধনৰ বাবে দীৰ্ঘদিন ধৰি নিৰলসভাৱে কৰি অহা প্ৰচেষ্টাৰ বাবেই লণ্ডনৰ ব্ৰিটিছ মিউজিয়ামত গ্ৰীন অস্কাৰ গল্ভ বঁটাৰে বিভূষিত প্ৰকৃতিপ্ৰেমী পূৰ্ণিমা দেৱী বৰ্মনক আজি দদৰা-পছৰীয়াত বিপুলভাৱে সম্বৰ্ধনা জনোৱা হয়। এই উপলক্ষে পছৰীয়াৰ ৰাম সৰাশ্বতী ৰাজহুৱা প্ৰেক্ষাগৃহত ২ নম্বৰ পূব বংশৰ সমন্বয় সমিতিৰ কাৰ্যকৰী সভাপতি নবীন ৰাজবংশীৰ সভাপতিত্বত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। ২ নম্বৰ পূব বংশৰ সমন্বয় সমিতি আৰু হাড়গিলা আৰ্মীৰ উদ্যোগত অনুষ্ঠিত সভাত প্ৰাক্তন আছু নেতা তথা বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাসে উপস্থিত থাকি কয় যে এটি ৰসহীন বিষয়বস্তুৰ ওপৰত নিৰৱচ্ছিন্নভাৱে লাগি থকা গ্ৰীন অস্কাৰ গল্ভ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা পূৰ্ণিমা দেৱী বৰ্মন অসমীয়াৰ বাবে এক গৌৰৱ ৷ অসমৰ প্ৰকৃতি সম্পৰ্কে বিশ্বৰ বুকুত দাঙি ধৰিব পৰাটো এক বিৰল ঘটনা ৷ পূৰ্ণিমা দেৱী বৰ্মনে আগলৈও যাতে অসমৰ নাম বিশ্বৰ বুকুত উজলাই তোলে, তাৰ বাবে প্ৰাক্তন আছু নেতাগৰাকীয়ে আশা প্ৰকাশ কৰে। সম্বৰ্ধনা সভাত ২ নম্বৰ পূব বংশৰ সমন্বয় সমিতি, হাড়গিলা আৰ্মীৰ উপৰি বৃহত্তৰ অঞ্চলটোৰ অৰ্ধশতাধিক ব্যক্তি আৰু অনুষ্ঠান-প্ৰতিষ্ঠানে গামোচা, শৰাই, ফুলৰ থোপা, জাপি, মানপত্ৰ আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা গ্ৰহণ কৰি পূৰ্ণিমা দেৱী বৰ্মনে কয়- অসমবাসীৰ পৰা পোৱা এয়া এক আশীৰ্বাদ ৷ অসমবাসীৰ বাবে কিবা এটা কৰিব পৰাটো যে কিমান গৌৰৱৰ কথা, সেই কথা এতিয়াহে উপলব্ধি কৰিছোঁ ৷ আগত দিনত অসমৰ ৰাইজে আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ ৷ সভাত বিশিষ্ট নাগৰিক বলেন ৰাজবংশী, মাণিক দাস, তনু কলিতা, মদন শৰ্মা, জীতুল ডেকা, যাদৱ দাস, সমীন কলিতা প্ৰমুখ্যে কেইবাগৰাকী উপস্থিত থাকে ৷ সভাত হাড়গিলা আৰ্মীৰ সদস্যাসকলে প্ৰকৃতি সংৰক্ষণ সম্পৰ্কত সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি পৰিৱেশটো জীপাল কৰি তোলে ৷ ইয়াৰ পূৰ্বে হাড়গিলা আৰ্মীৰ সদস্যা আৰু স্থানীয় ৰাইজে পূৰ্ণিমা দেৱী বৰ্মনক লৈ প্ৰায় ডেৰ কিলোমিটাৰৰ এক শোভাযাত্ৰা উলিয়ায়া ৷

প্ৰেৰক দিলীপ মেধি

You might also like