নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটজনক অৱস্থাত চিকিৎসাধীন মাছৰ কৰ্মী বৈকুণ্ঠ শইকীয়াঃ আৰ্থিক সাহায্যৰ আহ্বান

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ আজীৱন মানুহৰ অধিকাৰৰ স্বাৰ্থত নিৰৱধি সংগ্ৰাম অব্যাহত ৰাখিও ভাগৰি নপৰা বৈকুণ্ঠ শইকীয়া নামৰ মানৱ অধিকাৰ সংগ্ৰাম সমিতি(মাছ)ৰ আপোচহীন কৰ্মীগৰাকী অৱশেষত শাৰীৰিক অসুস্থতাত ভুগী যোৱা ১৮ জানুৱাৰীৰ পৰা চিকিৎসাধীন হ‘ব লগা হৈছে ৷

মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যিক সমিতিৰ উপদেষ্টা বৈকুণ্ঠ শইকীয়া সম্প্ৰতি গুৱাহাটীৰ এখন ব্যক্তিগত নাৰ্চিংহোম “আয়ুচন্দ্ৰা“ত চিকিৎসাধীন হৈ আছে ৷ জানিব পৰা মতে, উচ্চ ৰক্তচাপজনিত কাৰণত বৰ্ষীয়ান নেতাগৰাকীক যোৱা ১৮ জানুৱাৰীত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত (জি ডি নাৰ্চিংহোমত) ভৰ্তি কৰোৱা হৈছিল।

কিন্তু স্বাস্থ্য অধিক অৱনতি ঘটাত সংকটজনক অৱস্থাত তেওঁক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান মাছৰ কৰ্মীগৰাকী উক্ত নাৰ্ছিংহোমখনতে চিকিৎসাধীন হৈ  আছে যদিও অৰ্থ সংকটৰ বাবে  শইকীয়াৰ একমাত্ৰ পুত্ৰ সন্তানটোৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

এই ক্ষেত্ৰত বৈকুণ্ঠ শইকীয়াৰ  চিকিৎসাৰ বাবে মাছৰ সংগ্ৰামী সতীৰ্থসকলক মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ কেন্দ্ৰীয় সমিতিয়ে আৰ্থিক সাহায্যৰ আহ্বান জনোৱাৰ লগতে শুভাকাঙ্খী সকলক Bank UBI  A/C no. 0640010317146.IFSC code :UTBIOBABG09. Micr code 782027502ৰ জৰিয়তে  আৰ্থিক সহায়-সহযোগ আগবঢ়াবলৈ দুখীয়া পৰিয়ালটোৱে  বিনম্ৰতাৰে আহ্বান জনাইছে।

You might also like