নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ ৰক্তাক্ত কাশ্মীৰ! কুলগামত উগ্ৰপন্থীৰ আক্ৰমণত ছহিদ এজন, আহত ৩

নিয়মীয়া বাৰ্তা, ২৭ জানুৱাৰীঃ জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদী আক্ৰমণ। বুধবাৰে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কুলগাম জিলাত হোৱা আক্ৰমণত ছহিদ হয় এজন জোৱান। লগতে আহত হয় আন তিনিজন। ইতিমধ্যে আহত জোৱানসকলক শ্ৰীনগৰৰ সেনা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

সেনাৰ এক বিবৃতিত কোৱা হৈছে যে উগ্ৰপন্থীয়ে বুধবাৰে পুৱা ১০.১৫ বজাত সেনাৰ টহলদাৰী গোটত গ্ৰেনেড নিক্ষেপ কৰিছিল। লগেলগে চাৰিজন সৈন্য মাটিত বাগৰি পৰিছিল। তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত আহত জোৱানসকলৰ এজনৰ মৃত্যু ঘটে। অৱশ্যে গোটেই অঞ্চলটো বৰ্তমান সেনাই ঘেৰাও কৰিছে।

ইতিমধ্যে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ যুটীয়া অভিযান চলি আছে। অঞ্চলটোৰ ইণ্টাৰনেট সেৱা অস্থায়ীভাৱে বন্ধ কৰা হৈছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি এখন পৰিত্যক্ত স্কুলত ৰখা আছিল বিস্ফোৰক। পাছত সেই স্থানত সেনাৰ টহলদাৰী দল যোৱাৰ সময়তে বিস্ফোৰণ ঘটে। ফলত আহত হয় জোৱানসকল। বিস্ফোৰণ হোৱা স্কুলঘৰটো যথেষ্ট ক্ষতিগ্রস্ত হৈছে।

You might also like